অসম

assam

By

Published : Feb 20, 2022, 10:09 PM IST

ETV Bharat / state

Football players Protest: খেলপথাৰৰ দাবীত ৰাজপথত ফুটবল খেলুৱৈ

সদৌ অসম ফুটবল খেলুৱৈ সন্থাৰ আহ্বানত গুৱাহাটীত প্ৰতিবাদী সমদল খেলুৱৈৰ । গুৱাহাটী ক্লাৱৰ পৰা নেহৰু ষ্টেডিয়ামলৈ ৰাজপথত ফুটবল খেলি প্ৰতিবাদ (Protest by football players for playground in Guwahati) । ফুটবলৰ বাবে নেহৰু ষ্টেডিয়াম সংৰক্ষিত কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ ৷

Football players Protest
খেলপথাৰৰ দাবীত ৰাজপথত ফুটবল খেলুৱৈ

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী :ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ফুটবলৰ বাবে নাই এখনো খেলপথাৰ । খেলপথাৰ নোহোৱাৰ বাবে অনুশীলন কৰাৰ পৰা বঞ্চিত হৈছে ফুটবল খেলুৱৈসকল । যাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে খেলুৱৈসকলে (Protest by football players for playground in Guwahati)। দেওবাৰে, খেলপথাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিল ফুটবল খেলুৱৈসকল (Football players Protest) ।

খেলপথাৰৰ দাবীত ৰাজপথত ফুটবল খেলুৱৈ

ৰাজপথতে সাব্যস্ত কৰিলে প্ৰতিবাদ । উল্লেখ যে, গুৱাহাটী মহানগৰীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলা হ'ব বুলি বিজেপি চৰকাৰখনে সততে কৈ আহে যদিও বাস্তৱত সেয়া হৈ উঠা নাই । ক্ৰীড়াৰ ৰাজধানী কৰিব খোজা ৰাজধানী চহৰখনতে নাই ফুটবল খেলিবলৈ এখন খেলপথাৰ । গুৱাহাটীৰ কেইবাখনো খেলপথাৰ প্ৰথমে ফুটবলৰ বাবে উপযুক্ত কৰি তোলা হৈছিল যদিও বৰ্তমান ফুটবল খেলিবলৈ বা প্ৰশিক্ষণ ল’বলৈও এখন খেলপথাৰ নাই গুৱাহাটী মহানগৰীত ।

যাৰ বাবে ইয়াৰ বিৰুদ্ধে দেওবাৰে পুৱাই এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৰাজ্যৰ কণ কণ শিশুৰ পৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈসকলে ।

গুৱাহাটী ক্লাৱৰ পৰা নেহৰু ষ্টেডিয়ামলৈ ৰাজপথত ফুটবল খেলি খেলি এই প্ৰতিবাদ সাব্যস্ত কৰা হয় । সদৌ অসম ফুটবল খেলুৱৈ সন্থাৰ নেতৃত্বত সাব্যস্ত কৰা এই প্ৰতিবাদত শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লয় । এই প্ৰতিবাদী কাৰ্যসূচীত খেলুৱৈসকলৰ উপৰিও যোগ দিয়ে গুৱাহাটীৰ সচেতন নাগৰিকসকলে । প্ৰতিবাদকাৰীসকলে ফুটবলৰ বাবে নেহৰু ষ্টেডিয়াম সংৰক্ষিত কৰাৰ বাবে দাবী জনায় । ৰাজ্য চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক এই ক্ষেত্ৰত অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট লীগত মেছ ফিক্সিঙৰ অভিযোগ

ABOUT THE AUTHOR

...view details