গুৱাহাটী,14 ফেব্ৰুৱাৰীঃদেওবাৰে গুৱাহাটী মহানগৰীত মুকলি কৰা হ’ল তিনিখনকৈ উৰণীয়া সেঁতু ৷ পদপথৰ নৱনিৰ্মিত তিনিখন উৰণীয়া সেঁতু উদ্বোধন কৰে বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা মহানগৰৰ নখন পদপথৰ উৰণীয়া সেঁতুৰ ভিতৰত দেওবাৰে কামাখ্যা গেট, গণেশগুৰি আৰু তাজ ভিভান্তাৰ সন্মুখত অৱস্থিত সেঁতু কেইখন ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হয় ৷ তাজ ভিভান্তা সন্মুখৰ উৰণীয়া সেঁতুখন আন উৰণীয়া সেঁতুৰ ভিতৰত অন্যতম উৰণীয়া সেঁতু হিচাপে চিহ্নিত হৈছে ৷ উক্ত উৰণীয়া সেঁতুখন বাঁহেৰে সৌন্দৰ্যবৰ্ধন কৰি তোলা হৈছে ৷ মেঘালয়-শ্বিলঙৰ পৰা অহা লোকে যাতে গুৱাহাটী মহানগৰৰ মূল দুৱাৰৰূপে থকা উৰণীয়া সেঁতুখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে, তাৰ বাবে সজাই পৰাই তোলা হৈছে এই সেঁতুখন ৷
ইয়াৰ উপৰিও এবিচি পইণ্ট, খৃষ্টানবস্তিৰ পাছতে পুনৰ পথচাৰীৰ বাবে মুকলি কৰিবলগীয়া গণেশগুৰি আৰু খানাপাৰাৰ উৰণীয়া সেঁতুখন হ’ব অন্যতম ৷ মহানগৰীত নখন উৰণীয়া সেঁতুৰ নিৰ্মাণ কৰি থকা হৈছে ৷ বাকীকেইখন উৰণীয়া সেঁতু নিৰ্বাচন বিধি অনুসৰি ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷