গুৱাহাটী,২৫ ছেপ্টেম্বৰ: বিশ্ব নদী দিৱস উপলক্ষ্যে গুৱাহাটীৰ ভৰলু-বাহিনী নৈক পুৰুজ্জীৱিত কৰাৰ লক্ষ্য লৈ গঠন কৰা স্বেচ্ছাসেৱী অনুষ্ঠান 'চেভ ভৰলু'ৰ উদ্যোগত দেওবাৰে এক পদযাত্রা উলিওৱা হয়(River Day celebrated in Guwahati) । ভৰলুৰ নদীৰ বাবে এই পদযাত্রা গুৱাহাটীৰ পাঁচ ঠাইত উলিওৱা হয়(Foot March for River Bharlur) । ভৰলুৰ উৎপত্তিস্থলত মূল কাৰ্যসূচীৰ ফ্লেগ অফ কৰে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ আৰু গুৱাহাটী পৌৰ নিগমৰ ৫০ নং ৱাৰ্ডৰ পাৰিষদ উৎপল মহন্ত আৰু ৩৭ নং ৱাৰ্ডৰ পাৰিষদ স্বপ্না দেবীয়ে ।
আনহাতে ফটাশিল এলেকাত ভৰলুৰ বাবে পদযাত্রাৰ ফ্লেগ অফ কৰে ৩১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱীয়ে, কুমাৰপাৰাত ফ্লেগ অফ কৰে কুমাৰপাৰাৰ শংকৰদেৱ ৰাজহুৱা নামঘৰৰ নামঘৰীয়া সনাতন দাসে । মথুৰানগৰত পদযাত্রাৰ ফ্লেগ অফ কৰে চেভ ভৰলুৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ মানবেন্দ্র গোস্বামীয়ে । সেইদৰে আৰ্যনগৰত পদযাত্রাৰ ফ্লেগ অফ কৰে ৩০ নং ৱাৰ্ডৰ পাৰিষদ বিনীতা দত্ত চৌধুৰীয়ে(River Day celebrated by Save Bharalu) ।
পদযাত্রাৰ আৰম্ভণিতে নদী দিৱসৰ তাৎপর্য আৰু চেভ ভৰলুৰ জন্মৰ আঁৰৰ কথা ব্যাখ্যা কৰে চেভ ভৰলুৰ সভাপতি ডাঃ ৰবীন্দ্ৰনাথ মজুমদাৰে । অনুষ্ঠানত আগভাগ লয় চেভ ভৰলুৰ উপ সভাপতি ডাঃ সীমা ৰেখা দেবী, সচিব অমিয় কুমাৰ ডেকা, যুটীয়া সচিব ডাঃ ৰুবী কটকী সমন্বিতে চেভ ভৰলুৰ বিষয়ববীয়াসকলে । ইফালে নদী দিৱসৰ অংশৰূপে দেওবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।