মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযান - খাদ্য সুৰক্ষা বিভাগ গুৱাহাটী
গুৱাহাটী মহানগৰীত অপৰিষ্কাৰ আৰু অনুজ্ঞাপত্ৰ বিহীন হোটেল আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে অব্যাহত আছে খাদ্য সুৰক্ষা বিভাগৰ অভিযান ৷ সাত দিনৰ ভিতৰত পৰিষ্কাৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ যোগাৰ কৰিবলৈ নিৰ্দেশ হোটেল ৰেষ্টুৰেণ্টৰ মালিকক ৷
গুৱাহাটী, 22 আগষ্টঃ গুৱাহাটী মহানগৰীত অপৰিষ্কাৰ আৰু অনুজ্ঞাপত্ৰ বিহীন হোটেল আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে অব্যাহত আছে খাদ্য সুৰক্ষা বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে অভিযান কালত কেইবাখনো হোটেলক এটা সপ্তাহৰ ভিতৰত পৰিষ্কাৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ যোগাৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰোপৰি অভিযানৰ পূৰ্বে খাদ্য সুৰক্ষা বিভাগ, স্বাস্থ্য বিভাগ, পৌৰ নিগম আৰু NVBDCP য়ে যুটীয়াভাৱে মহানগৰীৰ ভাষ্কৰ নগৰত ডেংগু আৰু অন্যান্য ৰোগৰ সজাগতাৰ বৃদ্ধিৰ বাবে জিলা স্বাস্থ্য সমিতি কামৰূপৰ উদ্যোগত সজগতা সভা অনুষ্ঠিত কৰে ৷