অসম

assam

ETV Bharat / state

পাঞ্জাবাৰীত খাদ্য সামগ্ৰী বিতৰণ বিজেপি কৰ্মীৰ - Food distribution panjabari

মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত পাঞ্জাবাৰীত ৫০০ ঘৰ দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ বিজেপি কৰ্মীৰ । পাহাৰীয়া দুৰ্গম অঞ্চলত গৈ বিজেপি কর্মী জয়ন্ত দাসে খাদ্য সংকটৰ সন্মুখীন হোৱা লোকসকলক যোগান ধৰে চাউল, ডাইল, মিঠাতেলৰ লগতে শাক-পাচলি । সামাজিক দূৰত্ব বজাই ৰাখি ৰাইজে গ্ৰহণ কৰে সামগ্ৰী সমূহ ।

Food distribution panjabari by BJP workers
পাঞ্জাবাৰীত খাদ্য সামগ্ৰী বিতৰণ বিজেপি কৰ্মীৰ

By

Published : Apr 5, 2020, 7:05 PM IST

গুৱাহাটী,5 এপ্ৰিলঃ সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড ১৯ বা কৰ’ণা ভাইৰাছৰ ভয়ত মানৱ জাতি এতিয়া গৃহবন্দী । সকলো স্তৰৰ লোকে তলা বন্ধৰ ফলত সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ । বিশেষকৈ দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকলৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা হৈ পৰিছে ৷ এই সংকটৰ সময়ত বিভিন্নজনে নিজৰ সামৰ্থ অনুযায়ী সহায়-সহযোগ আগবঢ়াই আছে দুখীয়া ৰাইজক । ৰাজনৈতিক দল সমূহেও ৰাইজক সাহায়ৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে । দেওবাৰে বিজেপি কর্মী জয়ন্ত দাসে মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত পাঞ্জাবাৰীৰ পাহাৰীয়া দুৰ্গম অঞ্চলত দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ৫০০টা পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী । বিজেপি কর্মী দাসে এজন সহযোগীৰ সহায়ত এই সহায় আগবঢ়ায় ৷

পাঞ্জাবাৰীত খাদ্য সামগ্ৰী বিতৰণ বিজেপি কৰ্মীৰ

উল্লেখ্য যে,তলা বন্ধৰ সময়ত খাদ্য সামগ্ৰী বিতৰণৰ সময়ত বিভিন্ন অঞ্চলত সামাজিক দূৰত্ব ভংগ হোৱাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে কিন্তু দেওবাৰে পাঞ্জাবাৰীৰ পাহাৰীয়া অঞ্চলটোত দেখা যায় এক বিপৰীত ছবি । খাদ্য সামগ্ৰী গ্ৰহণ কৰিবলৈ অহা ৰাইজে সামাজিক দূৰত্বৰ বজাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে ৷

লগতে চাওকঃবয়স্কৰ ওপৰত কোভিড-19ৰ প্ৰভাৱ তথা তাৰ প্ৰতিকাৰৰ উপায়

ABOUT THE AUTHOR

...view details