গুৱাহাটী 26 এপ্ৰিলঃলক ডাউনৰ সময়চোৱাত কষ্টৰে জীৱন নিৰ্বাহ কৰা শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত দেওবাৰে সহায়ৰ হাত আগবঢ়ায় মহানগৰীৰ সোণাপুৰত একাংশ চৰকাৰী বিষয়াই।
সোণাপুৰত আৰ্তজনৰ কাষত একাংশ চৰকাৰী বিষয়া - আই এ এছ বিষয়া উমানন্দ দলেৰ
সোণাপুৰৰ ৰংদলৈ গাঁৱত শতাধিক দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত একাংশ চৰকাৰী বিষয়াৰ ৷
আই এ এছ বিষয়া উমানন্দ দলেৰ নেতৃত্বত অহা বিভিন্ন বিভাগৰ বিষয়াসকলে ৰংদলৈ গাঁৱৰ দহ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল ,দাইল,মিঠাতেল,আলু,পিয়াজ আদি প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ লগতে কি দৰে ক‘ৰণা ভাইৰাছৰ পৰা কি দৰে ৰক্ষা পাব পাৰি সেই বিষয়ে গাঁওবাসীৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ চেষ্টা চলাই ৷ লগতে সামাজিক দুৰত্ব বজাই ৰাখিবৰ বাবে আহ্বান জনাই ৷ ইপিনে বিষয়াসকলে গাঁওখনত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যক শলাগ লয় ।
লগতে পঢকঃ লক ডাউন 2.0 : অনলাইন শিক্ষাগ্ৰহণত দুৰ্দশা শিক্ষাৰ্থীৰ