অসম

assam

ETV Bharat / state

লক্ ডাউনত কোনে খবৰ ৰাখিছে মন্দিৰৰ পুৰোহিতসকলৰ ! - food crisis among the priests of umananda and navagrah temple

লক্ ডাউনৰ বাবে উমানন্দ মন্দিৰত আৱদ্ধ হৈ পৰা পুৰোহিতৰ মাজত খাদ্য সংকট হোৱা বুলি জানিব পৰা গৈছে । পুৰোহিত সকলক খাদ্য সংকটৰ পৰা ৰক্ষা কৰিবলৈ মহানগৰ জিলা প্ৰশাসনে, পুৰোহিত সকলৰ মাজত যোগান ধৰিছে বিভিন্ন খাদ্য সামগ্ৰীৰ । লগতে নৱগ্ৰহ মন্দিৰত আৱদ্ধ পুৰোহিতসকলক সাহায্য প্ৰদান কৰিছে, স্থানীয় লোক, মন্দিৰ পৰিচালনা সমিতিৰ লগতে অন্যান্য লোক সকলে ।

food crisis among the priests of umananda and navagrah temple
food crisis among the priests of umananda and navagrah temple

By

Published : May 1, 2020, 8:27 PM IST

গুৱাহাটী, 1 মে': লক্ ডাউনৰ ভিন্ন সমস্যাৰ সন্মুখিন হৈছে মানৱ জাতি । বহু স্থানত আৱদ্ধ হৈ পৰিছে বহু লোক । মহাবাহুৰ বুকুত থকা বিশ্বৰ সবাতোকৈ সৰু নদী দ্বীপত অৱস্থিত উমানন্দ মন্দিৰতো আৱদ্ধ হৈ পৰিছে একাংশ পুৰোহিত । সম্প্ৰতি আৱদ্ধ পুৰোহিত সকল সন্মুখীন হৈছে খাদ্য সংকটৰ । ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা বন্ধ হৈ পৰাৰ ফলত মন্দিৰৰ পুৰোহিত সকল এই ক্ষেত্ৰত অধিক সমস্যাত পৰা বুলি জানিব পৰা গৈছে ।

উমানন্দ মন্দিৰৰ পুৰোহিত সকলক খাদ্য সংকটৰ পৰা ৰক্ষা কৰিবলৈ মহানগৰ জিলা প্ৰশাসনে, পুৰোহিত সকলৰ মাজত যোগান ধৰিছে বিভিন্ন খাদ্য সামগ্ৰীৰ । বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হৈ কামৰূপ মহানগৰ উন্নয়ন উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠক আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কৰ্মচাৰীৰ এটা দল উমানন্দ মন্দিৰত উপস্থিত হৈ মন্দিৰৰ পুৰোহিত সকললৈ মাজত অত্যৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান ধৰে ।

আনহাতে, নৱগ্ৰহ মন্দিৰৰো পুৰোহিত সকল প্ৰথম অৱস্থাত তীব্ৰ খাদ্য সংকটত পৰিছিল যদিও স্থানীয় লোক, মন্দিৰ পৰিচালনা সমিতিৰ লগতে অন্যান্য লোকৰ ব্যক্তিগত সাহায্যই সকাহ প্ৰদান কৰিছে তেওঁলোকক । চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে কোনো ধৰণৰ সাহায্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে মন্দিৰত আৱদ্ধ হৈ থকা পুৰোহিত সকলে।

খাদ্য সংকটত ভুগিছে গুৱাহাটীৰ ভিন্ন মন্দিৰত আবদ্ধ পুৰোহিতসকল

লগতে পঢ়কঃএগৰাকী মাতৃৰ হিয়াভগা কান্দোনে কঁপালে বিধায়কৰ হৃদয়..

ABOUT THE AUTHOR

...view details