অসম

assam

By

Published : Feb 1, 2023, 7:12 PM IST

ETV Bharat / state

Union Budget 2023: শক্তিৰ প্ৰতীক ৰঙা 'টেম্পল শাৰী’ পৰিধান কৰি সংসদত ২০২৩-২৪বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সদনত দাখিল কৰে ২০২৩ বৰ্ষৰ বাজেট (Finance Minister Nirmala Sitharaman) ৷ বাজেট দাখিলৰ বাবে অহা বিত্তমন্ত্ৰীগৰাকীয়ে আজি পৰিধান কৰিছিল সোণালী আৰু ক’লা ৰঙৰে সংমিশ্ৰিত ডিজাইনৰ এখন শাৰী ৷ কঁপালত সৰু বিন্দি আৰু হাতত সোণৰ সাধাৰণ খাৰু । বিত্তমন্ত্ৰীৰ এই ৰূপে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে ।

Union Budget 2023
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

নেশ্যনেল ডেস্ক, ১ ফেব্ৰুৱাৰী:সমগ্ৰ দেশবাসীয়ে অপেক্ষা কৰি আছিল তেওঁৰ আগমণলৈ । তেতিয়া দিনৰ ১১ বাজিবলৈ অলপ সময় বাকী মাথো ৷ সেই সময়তেই ১৩৮ কোটি ভাৰতীয়ৰ ভৱিষ্যত আৰু ৰেখাংকন হাতত লৈ আকৰ্ষণীয় ব্যক্তিত্বৰ মহিলাগৰাকী আগবাঢ়িছিল দেশৰ সংসদ ভৱনলৈ ৷ পৰিধানত গাঢ় ৰঙা ৰঙৰ বিখ্যাত টেম্পল শাৰী । হয়, আজি সংসদত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ(FM Nirmala Sitharaman) কথাকেই কোৱা হৈছে ।

কেন্দ্ৰীয় বাজেট ২০২৩-২৪ উপস্থাপনৰ বাবে সংসদত উপস্থিত হোৱাৰ লগে লগে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ওপৰত দৃষ্টি নিৱদ্ধ হৈ পৰিছিল সকলোৰে । সোণালী আৰু ক’লা ৰঙৰে সংমিশ্ৰিত ডিজাইনৰ এখন শাৰী পিন্ধি সংসদলৈ সোমাই গৈছিল বিত্তমন্ত্ৰীগৰাকী(Red digital tablet in Sitharaman hand) ৷ নিৰ্মলা সীতাৰমণৰ শাৰীখন কৰ্ণাটকৰ ধাৰৱাদত প্ৰস্তুত বুলি জনা গৈছে । ভাৰতীয় বস্ত্ৰশিল্পৰ প্ৰতি থকা প্ৰেমৰ বাবে পৰিচিত বিত্তমন্ত্ৰীগৰাকী ৷ শেহতীয়া কেইবাবছৰ ধৰি বাজেটৰ এটা যথেষ্ট অগতানুগতিক দিশ হৈ পৰিছে বিত্তমন্ত্ৰী সীতাৰমণৰ শাৰী ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

'টেম্পল শাৰী' সাধাৰণতে কপাহ, ৰেচম বা সংমিশ্ৰিত সূতাৰ পৰা তৈয়াৰ কৰা হয় আৰু বিশেষ অনুষ্ঠানত পিন্ধা হয় । এই বছৰ সীতাৰমণে পিন্ধিবলৈ বাছি লোৱা ৰংটো গভীৰ ৰঙা; যি প্ৰেম, দায়বদ্ধতা, শক্তি আৰু সাহসৰ প্ৰতীক(Traditional Temple Border Red Saree) । হিন্দু সংস্কৃতি অনুসৰি নাৰীৰ শক্তি আৰু শক্তিৰ প্ৰতিমূৰ্তি দেৱী দুৰ্গাৰ সৈতে ৰঙা ৰঙৰ সম্পৰ্ক প্ৰায়ে জড়িত হৈ থাকে । চৰ্চিত হৈছে- সেয়ে এই শাৰি পৰিধান কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে ।

হাতত ৰঙা ডিজিটেল টেবলেট লৈ সীতাৰমণে বুধবাৰে পুৱা কেন্দ্ৰীয় সচিবালয়ৰ বিত্ত মন্ত্ৰালয়ত ফটোৰ বাবে নিজৰ সাধাৰণ সহজ অথচ মাৰ্জিত ভংগীমাৰে প’জ দিয়ে ৷ কঁপালত সৰু বিন্দি আৰু হাতত সোণৰ সাধাৰণ খাৰু । বিশেষকৈ ২০১৯ চনত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত সীতাৰমণে পৰম্পৰাগত হাতৰ তাঁতশালৰ বস্ত্ৰৰ সক্ৰিয় প্ৰচাৰ কৰা দেখা গৈছে ৷ বৰ্তমান আৰু পূৰ্বৰ বাজেট অধিৱেশনৰ পৰা তেওঁৰ পোচাক পৰিধানৰ পছন্দই প্ৰমাণ কৰে যে তেওঁ হাতেৰে বোৱা কাপোৰৰ এগৰাকী গুণমুগ্ধ ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বাজেট ২০২২ৰ উত্থাপনৰ সময়তো সীতাৰমণক মটীয়া আৰু মেৰুণ ৰঙৰ হেণ্ডলুম শাৰী পিন্ধা দেখা গৈছিল । সাধাৰণতে ওডিশাৰ সোণেপুৰ জিলাত নিৰ্মিত হয় এই বমকাই শাৰী ৷

কেন্দ্ৰীয় বাজেট ২০২১ৰ বাবে সীতাৰমণে পল্লুৰ চাৰিওফালে ই-কাটৰ আৰ্হি আৰু সেউজীয়া পাৰিৰে ৰঙা আৰু পাতল বগা ৰেচমৰ পোচাম্পালী শাৰী পিন্ধিছিল । পোচাম্পল্লী ই-কাট পৰম্পৰাগতভাৱে তেলেংগানাৰ ভূডান পোচাম্পল্লীত তৈয়াৰ কৰা হয় আৰু ইয়াক ‘ভাৰতৰ ৰেচম চহৰ’ বুলি জনা যায় ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

২০২০ চনত সীতাৰমণে উজ্জ্বল হালধীয়া-সোণৰ ৰেচমৰ শাৰী বাছি লৈছিল । হালধীয়া ৰঙে এক বিশেষ তাৎপৰ্য বহন কৰে । ইয়াক এক পৱিত্ৰ ৰং বুলি বিশ্বাস কৰা হয় যিয়ে সমৃদ্ধিৰ বাবে সঁহাৰি দিয়ে ।

২০১৯ চনত প্ৰথম বাজেট উপস্থাপনৰ বাবে সীতাৰমণে সোণালী পাৰীযুক্ত সাধাৰণ গোলাপী ৰঙৰ মংগলগিৰি শাৰী পিন্ধিবলৈ বাছি লৈছিল । সাধাৰণতে গোলাপী ৰঙৰ অৰ্থ হ’ল মহিলা সৱলীকৰণ আৰু বাজেট ২০১৯ৰ বাণী আছিল ‘নাৰী তু নাৰায়ণী’ । সহজ সৰল ভাষাৰে বক্তব্য আগবঢ়োৱাৰ উপৰিও সীতাৰমণে ব্ৰিফকেছত বাজেট অনাৰ ঔপনিৱেশিক পৰম্পৰাক ত্যাগ কৰিও দৃষ্টি কাঢ়িছিল দেশবাসীৰ । আমাৰ দেশৰ কোনো কোনো অঞ্চলৰ পৰম্পৰাগত ‘বহী খাটা’ত বাজেটৰ নথি-পত্ৰ কঢ়িয়াই লৈ আনিছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

লগতে পঢ়ক:Union Budget 2023: আয়কৰ দাতাসকললৈ বিশেষ সকাহ ঘোষণা কেন্দ্ৰীয় বাজেটত

ABOUT THE AUTHOR

...view details