ৰহস্যজনকভাৱে বন্ধ বন বিভাগৰ ফ্লায়িং স্কোৱাড - লুণ্ঠন
দুৰ্নীতিগ্ৰস্ত বিষয়াৰ হস্তক্ষেপত বন বিভাগৰ ফ্লায়িং স্কোৱাড বন্ধ কৰাৰ অভিযোগ। বনজ সম্পদৰ চোৰাং বেহা বন্ধ কৰাৰ লক্ষ্যৰে গঠন কৰা হৈছিল ফ্লায়িং স্কোৱাড
গুৱাহাটী,9 জুলাই : ৰহস্যজনকভাৱে বন্ধ নিষ্ঠাৱান বন বিষয়াক লৈ গঠিত বন বিভাগৰ ফ্লায়িং স্কোৱাড। বন মাফিয়া আৰু একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ মূৰৰ কামোৰণি হৈ পৰা ফ্লায়িং স্কোৱাডটো দুৰ্নীতিগ্ৰস্ত বিষয়াৰ হস্তক্ষেপতে বন্ধ কৰাৰ অভিযোগ। 2017 চনৰ আগষ্ট মাহত বনজ সম্পদৰ চোৰাং বেহা বন্ধ কৰাৰ লক্ষ্যৰে গঠন কৰা হৈছিল এইটো ফ্লায়িং স্কোৱাড । এই ফ্লায়িং স্কোৱাডে 9 টা মাহত 1 কোটি 25 লাখ 46 হাজাৰ 356 টকাৰ বনজ সম্পদ জব্দ কৰিবলৈ সক্ষম হৈছে । একে সময়তে 26 খনকৈ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰিছে ফ্লায়িং স্কোৱাডে। যাৰ বাবে বন মাফিয়া আৰু একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ মূৰৰ কামোৰণি হৈ পৰিছিল এই ফ্লায়িং স্কোৱাড। ইয়াৰ পাচতেই ৰহস্যজনকভাৱে বন্ধ কৰি দিয়া হয় ফ্লায়িং স্কোৱাডটো। পিছত একাংশ নিষ্ঠাৱান বিষয়াৰ হস্তক্ষেপত পুনৰ ফ্লায়িং স্কোৱাড গঠন কৰা হয় যদিও পিচিচি এফ কাৰ্যালয়ে 25 জুনত এক নিৰ্দেশনাৰ যোগেদি ফ্লায়িং স্কোৱাডটো প্ৰত্যাহাৰ কৰে। ফ্লায়িং স্কোৱাডটো গঠন কৰি বনজ সম্পদ লুণ্ঠন কৰা বন্ধ কৰাৰ বাবে ইতিমধ্যেই জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু ফ্লায়িং স্কোৱাডে চোৰাং ব্যৱসায় ৰোধ কৰি যথেষ্ট পৰিমাণৰ ৰাজহ চৰকাৰক জমা দিয়াৰ পিছতো দুবাৰকৈ বন্ধ কৰা কাৰ্যত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷