গুৱাহাটী,১৭ এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে মহানগৰীৰ আঠগাঁৱত পুনৰ নগদ ধন জব্দ ।এচ.এচ.টি আৰু ভৰলুমুখ আৰক্ষীয়ে অভিযান চলাই ৩ লাখ টকা জব্দ কৰে । বৃহৎ পৰিমাণৰ নগদ ধনখিনি উদ্ধাৰ হয় ৰবি মহাতো নামৰ এজন লোকৰ পৰা ।
মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ধন
এচ.এচ.টি আৰু ভৰলুমুখ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৩লাখ টকা ৷
নিৰ্বাচনৰ পূৰ্বে মহানগৰীত জব্দ মজুত পৰিমাণৰ নগদ ধন
ৰবি মহাতোৱে পৰ্যাপ্ত নথি-পত্ৰ দেখুৱাব নোৱাৰাৰ বাবেই টকাখিনি জব্দ কৰে আৰক্ষীয়ে ।ইফালে দ্বিতীয়, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। কোনেও যাতে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিব নোৱাৰে তাৰ বাবে এনেধৰণৰ অভিযান চলাই আছে আৰক্ষী-প্ৰশাসনে ৷