অসম

assam

ETV Bharat / state

প্ৰায় ৫০০ কোটি টকা ৰাজসাহায্য লৈ উত্তৰ-পূৱত বিমান সেৱা বন্ধ কৰিলে ফ্লাই বিগে - Fly big flight operations in Assam

অসম আৰু উত্তৰ-পূৱৰ জনতাক কম খৰচত বিমান সেৱাৰ সপোন দেখুৱাই হঠাৎ সেৱা বন্ধ কৰিলে ফ্লাই বিগ নামৰ এয়াৰলাইন্স নামৰ প্ৰতিষ্ঠানটোৱে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ সপোনৰ 'উড়ান’ প্ৰকল্প কলিতেই মৰহিলে নেকি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ? লোকচানৰ অজুহাতত বৃহৎ পৰিমাণৰ ৰাজসাহায্য লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিমান সেৱা বন্ধ কৰিলে ফ্লাই বিগে ।

Fly Big suspends flight operation
Fly Big suspends flight operation

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:21 PM IST

গুৱাহাটী, ২২ নৱেম্বৰ: বিমান পৰিবহন সেৱা সংস্থা ফ্লাই বিগ এয়াৰলাইন্সে কোনো আগতীয়া জাননী অবিহনে অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত বিমান সেৱা বন্ধ কৰি দিছে । বহু যাত্ৰীয়ে যাত্ৰাৰ বাবে অগ্ৰিম টিকট বুক কৰিছিল যদিও আকস্মিকভাৱে ফ্লাই বিগে বিমান সেৱা বন্ধ কৰাত অসুবিধাত পৰে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে তথ্য মতে প্ৰায় ৫০০ কোটি টকা ৰাজসাহায্য লাভ কৰাৰ পিছতো উত্তৰ-পূৰ্বাঞ্চলত বন্ধ কৰিব লগা হ’ল কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অন্তৰ্গত বিমান সেৱা ।

নিজৰ কোনো স্থাৱৰ সম্পত্তি নথকা, আনৰ পৰা বিমান ভাৰাত লৈ ফ্লাই বিগ নামৰ এয়াৰলাইন্সটোৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মুঠ ১০টা বিমান বন্দৰক সামৰি সেৱা আগ বঢ়াইছিল ৷ UDAN আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগী বিমান বন্দৰ ১০ টা আছিল পাছিঘাট, তেজু, ইটানগৰ (হোলংগী), যোৰহাট, লীলাবাৰী, ৰূপসী, তেজপুৰ, শিলচৰ (বৰাপানী), ডিমাপুৰ আৰু পাকয়ং ৷

ফ্লাই বিগে কেন্দ্ৰীয় চৰকাৰৰ 'উড়ান' আঁচনিৰ অধীনত শিলচৰ, ধুবুৰী, ডিব্ৰুগড়ৰ মাজত সেৱা আগবঢ়াইছিল । ইয়াৰ উপৰিও চুবুৰীয়া মেঘালয়, অৰুণাচল আৰু ত্ৰিপুৰাৰ সৈতেও গুৱাহাটীক সংযোগ কৰি সেৱা আগবঢ়াইছিল । কিন্তু শেহতীয়াভাৱে যোৱা ৭ নৱেম্বৰৰ পৰা আকস্মিকভাৱে বিমান পৰিবহণকাৰী সংস্থাটোৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সেৱা বন্ধ কৰি দিয়ে ।

কেৱল সেয়ে নহয় ইয়াৰ লগতে অসম পর্যটন উন্নয়ন নিগমৰ অধীনত চলা 'নন উড়ান' আঁচনিৰ অধীনত আগবঢ়োৱা সেৱাও বাতিল কৰিছে ফ্লাই বিগে । যোৱা ১ মে’ৰ পৰা গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী পোনপটীয়া দৈনিক যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছিল ফ্লাই বিগে ৷ ১৫ মে’ৰ পৰা আৰম্ভ কৰিছিল গুৱাহাটী-শিলচৰ-গুৱাহাটী সেৱা ৷ ষ্টেট ভায়েবিলিটি গেপ ফাণ্ডিং আঁচনিৰ অধীনত চলিছিল এই বিমান দুখন ৷

সৌ সিদিনা ১ মে’ত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰথমখন যাত্ৰীবাহী বিমানখনৰ ফ্লেগ অৱ কৰিছিল অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । কেন্দ্ৰীয় চৰকাৰৰ উড়ান প্ৰকল্পৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সেৱাই ঢুকি নোপোৱা অঞ্চলসমূহক বিমান সেৱাৰে যোগেদি সংযোগ কৰিবলৈ অসম চৰকাৰে এই প্ৰকল্প হাতত লৈছিল ৷ ইয়াৰ উপৰিও ফ্লাইবিগে ১৫ মে’ৰ পৰা গুৱাহাটী-শিলচৰ -গুৱাহাটী বিমান সেৱাও আৰম্ভ কৰিছিল ।

অসমৰ বাবে অসম পৰ্যটন নিগমৰ (ATDC) দ্বাৰা আঞ্চলিক বিমান সংযোগৰ প্ৰসাৰৰ বাবে ভাইবিলিটি গেপ ফাণ্ডিঙৰ অধীনত চলাচল কৰিছিল এই বিমান দুখনো ৷ অসম পৰ্যটন উন্নয়ন নিগমৰ জড়িয়তেও বৃহৎ পৰিমাণৰ ৰাজসাহায্য লৈ এতিয়া অসমত সেৱা বন্ধ কৰিলে ফ্লাই বিগে ৷ পৰ্যটন বিভাগৰ তৰফৰ পৰা ফ্লাই বিগে কিমান পৰিমাণৰ ৰাজসাহায্য লাভ কৰিলে সেই কথা প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে নিগমৰ কৰ্তৃপক্ষই ৷

অসম পৰ্যটন উন্নয়ন নিগমৰ উচ্চস্তৰীয় তথ্যমতে ফ্লাই বিগে অসম পৰ্যটন নিগম কৰ্তৃপক্ষক লিখিতভাৱে জনাইছে অসম চৰকাৰৰ ষ্টেট ভায়েবিলিটি গেপ ফাণ্ডিং আঁচনিৰ অধীনত চলা বিমান সেৱা বন্ধ কৰাৰ কাৰণ ৷ কাৰণ হিচাবে ফ্লাই বিগে বৃহৎ পৰিমাণে হোৱা লোকচানৰ কথাকে লিখিত ৰূপত জনাইছে নিগমক ৷ আনহাতে কেন্দ্ৰীয় উড়ান আঁচনিৰ অধীনত ফ্লাই বিগে অসমৰ ধুবুৰীৰ ৰূপসী, ডিব্ৰুগড়ৰ মোহনবাৰী, লখিমপুৰৰ লীলাবাৰী, শিলচৰ আৰু গুৱাহাটী বিমানবন্দৰক সামৰি লৈছিল ৷

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিখনৰ অধীনত চলা বিমানৰ ক্ষেত্ৰত বিমানখনত থকা মুঠ আসনৰ বিপৰীতে পৰ্যাপ্ত যাত্ৰী নহ'লে সন্মুখীন হোৱা লোকচান পূৰণৰ ব্যৱস্থা কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ফ্লাই বিগৰ প্ৰতিটো উৰণত খালী আসনৰ বিপৰীতে লোকচান হোৱা ধন ৰাজসাহায্য দিছিল কেন্দ্ৰীয় চৰকাৰে ।

ইফালে, অসম পর্যটন উন্নয়ন নিগমৰ নিজা আঁচনিৰ অধীনত চলাচল কৰা ফ্লাই বিগ বিমানতো এক বৃহৎ পৰিমাণৰ ৰাজসাহাৰ্য অসম পৰ্যটন উন্নয়ন নিগমে আদায় দিব লগা হয় ফ্লাই বিগক ৷ তথ্য অনুসৰি 'উড়ান' আৰু 'নন উড়ান' আঁচনিৰ অধীনত সেৱা আগবঢ়োৱাৰ নামত ফ্লাই বিগৰ বিগ চার্টাৰ প্ৰাইভেট লিমিটেডে বিমান সেৱাৰ নামত প্ৰায় ৫০০ কোটিৰো অধিক টকা ৰাজসাহায্য লাভ কৰিছে ৷ ফ্লাই বিগে ৰাজসাহায্য লাভ কৰিও লোকচানৰ বাবে বিমান সেৱা বন্ধ কৰাৰ সমান্তৰালভাৱে আন এটা বিষয়ো চৰ্চালৈ আহিছে ৷

অসমত সেৱা আগবঢ়োৱাৰ নামত অসম কোপাৰেটিভ এপেক্স বেংকৰ পৰা ৩০ কোটি টকা উৰণ প্ৰতিষ্ঠানটোৱে ঋণ লোৱাৰ তথ্য পোহৰলৈ আহিছে । তথ্য অনুসৰি কোনো আমানত অবিহনেই ফ্লাই বিগক এপেক্স বেংকে ৩০ কোটি টকা ঋণ দিয়ে । এই লৈয়ো এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে ৷ বৃহৎ ৰাজসাহায্য লাভ কৰি ফ্লাই বিগে উত্তৰ-পূৱত বন্ধ কৰা বিমান সেৱা প্ৰসংগত বৰ্তমানলৈ কোনো ধৰণৰ ৰাজহুৱা বক্তব্য আগবঢ়োৱা নাই ৷ আনহাতে এপেক্স বেংকেও আমানত বিহনেই ৩০ কোটি টকাৰ ঋণ দিয়া প্ৰসংগতো কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই ৷

লগতে পঢ়ক:এ পি এছ চি কেলেংকাৰী: বক্ৰ পথেৰে চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক

ABOUT THE AUTHOR

...view details