নিউজ ডেস্ক,21 জুলাই: উন্নত হোৱা নাই ৰাজ্যৰ বান পৰিস্থিতি ৷ ৰাজ্যৰ প্ৰায় 24 খন জিলাত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ বিগত বৰ্ষৰ তুলনাত এইবৰ্ষত বানে যথেষ্ঠ তাণ্ডৱ সৃষ্টি কৰি প্লাৱিত কৰিছে ৰাজ্যৰ অধিকাংশ অঞ্চল ৷ ইতিমধ্যে বানৰ কবলত পৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছে 85 গৰাকী লোকে ৷ বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈ আছে ৰাজ্যৰ মুখ্য নৈ ব্ৰহ্মপুত্ৰ ৷ যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, গোৱালপাৰা, ধুবুৰী আদি এলেকাত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ ৷ তদুপৰি নুমলীগড়ত ধনশিৰি,জীয়া ভৰলী, কপিলী, মানস,বেকী আদি উপনৈসমূহৰো জলস্তৰ বৃদ্ধিৰ পৰিমাণ অপৰিৱৰ্তিত হৈ আছে ৷ বিশ্বনাথ, শোণিতপুৰ, চিৰাং, ওদালগুৰি, দৰং, বাক্সা, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’) মৰিগাঁও, নগাঁও, হোজাই, গোলাঘাট, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, কাৰ্বি আংলঙত বানে সৰ্বাধিক ক্ষতি কৰাৰ তথ্য প্ৰকাশ কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷ তদুপৰি মঙলবাৰৰ দিনটোলৈকে 73 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 2,325 খন গাঁও ৷ বানৰ দ্বাৰা প্ৰভাৱিত হৈছে প্ৰায় 24,48,128 গৰাকী লোকৰ জন-জীৱন ৷ লগতে 2,50,416.90 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 280 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 48,478 গৰাকী বানাক্ৰান্তই ৷ তদুপৰি বান বিধ্বস্ত এলেকাসমূহত এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ লগতে প্ৰতিখন জিলা প্ৰশাসন আৰু স্থানীয় লোকসকলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷
বানৰ শেহতীয়া খবৰঃ এইপৰ্যন্ত মৃত্য়ু 85,ক্ষতিগ্ৰস্ত 24,48,128 গৰাকী - 2,325 খন গাঁও
মঙলবাৰৰ দিনটোলৈকে 73 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 2,325 খন গাঁও ৷ বানৰ দ্বাৰা প্ৰভাৱিত হৈছে প্ৰায় 24,48,128 গৰাকী লোকৰ জন-জীৱন ৷ লগতে 2,50,416.90 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 280 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 48,478 গৰাকী বানাক্ৰান্তই ৷
![বানৰ শেহতীয়া খবৰঃ এইপৰ্যন্ত মৃত্য়ু 85,ক্ষতিগ্ৰস্ত 24,48,128 গৰাকী Flood Update from assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8109033-thumbnail-3x2-a.jpg)
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি
ইফালে বানৰ সমান্তৰালকৈ অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ শোণিতপুৰ, ডিব্ৰুগড়, বৰপেটা, মাজুলী, লখিমপুৰ, ওদালগুৰি, নলবাৰী, চিৰাং, বিশ্বনাথ, বাক্সা, দক্ষিণ শালমাৰা, শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট, চৰাইদেউ,কোকৰাঝাৰ আৰু বঙাইগাঁৱত ব্যাপক হাৰত অব্যাহত থকা গৰাখহনীয়াই ভাবুকি সৃষ্টি কৰিছে জনজীৱনৰ প্ৰতি ৷
লগতে চাওকঃঠিকাদাৰৰ গাফিলতিৰ বাবে দুৰ্ভোগ ৰাইজৰ
Last Updated : Jul 21, 2020, 4:23 PM IST