গুৱাহাটী, 26 জুন :ভৰলু নৈৰ বাঢ়নী পানীয়ে শংকা নমাই আনিছে মহানগৰীৰ অনিল নগৰ, নবীন নগৰলৈ ৷ ইতিমধ্যেই নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানে বুৰাইছে মহানগৰীৰ ওদালবাক্ৰা, কাহিলীপাৰা, আমবাৰীকে ধৰি ভিন্ন অঞ্চল ৷ তাৰ মাজতেই এতিয়া ভৰলু নৈৰ পানীৰ চাপত গাৰ্ডৱাল ভঙাৰ উপক্ৰম হৈছে এজাক বৰষুণতে কৃত্ৰিম বানে প্লাৱিত কৰা অনিল নগৰ, নবীন নগৰ অঞ্চলত ৷ যাৰ বাবে অঞ্চল দুটাক লোক শংকিত হৈ পৰাৰ লগতে, অঞ্চলকেইটাত ভাৰাতীয়া হিচাপে থকা বহু লোকে ইতিমধ্যে খালী কৰিছে তেওঁলোকৰ ভাড়াঘৰ ৷
ইতিমধ্যেই পানীৰ চাপত গাৰ্ডৱালৰ বহু অংশ ভগাৰ লগতে, সেই ভগ্ন অংশৰে পানী সোমাইছে অঞ্চল দুটাত ৷ উল্লেখ্য যে, শুকুৰবাৰে দিনৰ ভাগতে বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰে ৷ আনহাতে বিগত কেইদিনমান ধৰি হৈ থকা বৰষুণৰ ফলত কৃত্ৰিম বানেও বুৰাইছে মহানগৰবাসীক ৷ তাৰ মাজতেই ভৰলু নৈয়ে ধাৰণ কৰিছে এনে সংহাৰী ৰূপ ৷