অসম

assam

ETV Bharat / state

বান পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - জলসম্পদ বিভাগক

বান পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ কঠোৰ নিৰ্দেশনা জাৰি সোণোৱালৰ ৷ সামাজিক দূৰত্ব, চেনিটাইজেছন, হাত ধোৱা আদি ব্যৱস্থা প্ৰতিটো আশ্ৰয় শিবিৰত বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ ৷

flood situation review assam cheif minister sarbanoda sonowal
বান পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : May 28, 2020, 11:48 AM IST

গুৱাহাটী, 28 মেঃ ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ ইতিমধ্যে সাজু হৈছে ৰাজ্য চৰকাৰ । বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত শীৰ্ষ বিষয়াবৰ্গৰে ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে এই বৈঠকতে এক কঠোৰ নিৰ্দেশনা জাৰি কৰি কয় যে, প্ৰতিটো আশ্ৰয় শিবিৰত কোভিড-১৯ ৰ সকলো প্ৰট'কল মানি চলিবই লাগিব । সামাজিক দূৰত্ব, চেনিটাইজেছন, হাত ধোৱা আদি ব্যৱস্থা প্ৰতিটো আশ্ৰয় শিবিৰত বাধ্যতামূলক হ'ব লাগিব ।

আনহাতে, এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে শক্তি বিভাগক নিৰ্দেশ দিয়ে যাতে বানত বুৰ যোৱা ট্ৰেঞ্চফৰ্মাৰৰ সংযোগ বিচ্ছিন্ন কৰি ৰখা হয় ৷ যাতে কোনো ধৰণৰ বিদ্যুৎস্পৃষ্টৰ ঘটনা সংঘটিত হ'ব নোৱাৰে । ইপিনে এই বৈঠকতে বজ্ৰপাতৰ আগজাননী দিব পৰা প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ দিয়ে । ৮ খন জিলাৰ ১৫৭ টা বানবিধ্বস্ত পথ তাৎক্ষনিকভাবে মেৰামতি কৰিবলৈ গড়কাপ্টানী বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । একেদৰে খহনীয়াপ্ৰবণ অঞ্চলসমূহত পাৰ্কুপাইন, বাঁহ, বালিৰ বস্তা আদি সাজু কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে । কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দুৰ্যোগ সাহাৰ্য পুঁজিলৈ মোকোলাই দিয়া প্ৰথম কিস্তিৰ ৩৮৬ কোটি টকা যাতে সদব্যৱহাৰ হয়, বানাক্ৰান্তই যাতে এই পুঁজিৰ পৰা সকাহ পাব পাৰে তাৰ প্ৰতি চকু ৰাখিবলৈও বিভাগ সমূহক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে ।

লগতে পঢ়কঃ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা ব্যক্তিক মঙলদৈত আটক

ABOUT THE AUTHOR

...view details