নিউজ ডেস্ক,12 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ বানত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ লোক ৷ আনহাতে বৰ্তমানলৈকে বানত 11 জনকৈ লোকৰ মৃত্যু হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰা তথ্য অনুসৰি বৰ্তমানেও 27 হাজাৰ লোক বানত আক্ৰান্ত হৈ আছে ৷ তাৰ ভিতৰত 19,163 জন ধেমাজি জিলা, 5,666 জন ডিব্ৰুগড় জিলাৰ লোক ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধেমাজি, ডিব্ৰুগড়, দৰং, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ 18 খন ৰাজহ চক্ৰৰ 175 খন গাঁও বৰ্তমানেও বানৰ কবলত আছে ৷ ধেমাজি জিলাৰ জোনাই, ধেমাজি,গোগামুখ আৰু চিচিবৰ ৰাজহ চক্ৰৰ 44 খন গাঁও বৰ্তমানেও বানৰ আক্ৰান্ত হৈ আছে ৷ ইয়াৰে 10,300 গৰাকীয়ে আশ্ৰয়স্থলীৰ পৰা ঘৰলৈ ওভতি গৈছে ৷ বৰ্তমানলৈকে ধেমাজি জিলাখনত 396.27 হেক্টৰ কৃষি ভূমি বনত ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে ছখন জিলাত অত্যাধিক বানৰ বাবে 2047.47 হেক্টৰ কৃষিভূমি অনিষ্ট হৈছে ৷