নিউজ ডেস্ক, 28 আগষ্ট:চলিত বৰ্ষৰ দ্বিতীয়টো বানৰ কৱলত ৰাজ্য ৷ কেইবাখনো জিলাত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে ৷ সোমবাৰে পুনৰ ৰাজ্যত বানত এজন লোকৰ মৃত্যু হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ বানত মৃত্যু হোৱা লোকজন শিৱসাগৰৰ ডিমৌৰ ৷ ইয়াৰ লগতে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, সম্প্ৰতি ৰাজ্যৰ 17খন জিলাৰ 42 টা ৰাজহ চক্ৰৰ 522 খন গাঁও বানৰ কৱলত পৰিছে ৷ এই অঞ্চলসমূহৰ 1,90,675 জনৰো অধিক লোক জলবন্দী হৈ আছে ৷ বানৰ কৱলত পৰিছে 8086.40 হেক্টৰ কৃষিভূমি আৰু 11886 টা পশুধন ৷ ইফালে ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ, নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নৈ, শিৱসাগৰত দিখৌ নদীৰ লগতে বেকী, জীয়া-ভৰালী, দিচাং আৰু সোৱনশিৰি নৈৰ জলস্তৰ ঠায়ে ঠায়ে বিপদসীমাৰ ওপৰেদি বৈছে ৷