নিউজ ডেস্ক, 27 আগষ্ট: ৰাজ্যত পুনৰ অৱনতি ঘটিছে বান পৰিস্থিতি ৷ চলিত বৰ্ষৰ দ্বিতীয়টো বানৰ কৱলত ৰাজ্যৰ কেইবাখনো জিলাৰ লোক ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শনিবাৰে প্ৰকাশ কৰা তথ্য মতে বানত শনিবাৰে কোনো লোকৰ মৃত্যু হোৱা নাই ৷ এতিয়ালৈকে চলিত বছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 14 জন ৷ যোৱা 24 ঘণ্টাত ৰাজ্যখনৰ ছয়খন জিলা বানত বুৰ গৈছে ৷ এতিয়াও বানৰ কৱলত ছয়খন জিলাৰ 53,000 ৰো অধিক লোক জলবন্দী হৈ আছে ৷
দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধেমাজি জিলাত প্ৰায় 24,000 লোক, শোণিতপুৰত 12,000, লখিমপুৰত 8,500 আৰু ডিব্ৰুগড় জিলাত 7,500 লোক ক্ষতিগ্ৰস্ত হৈছে ৷ বানপানীৰ ফলত 11 টা ৰাজহ চক্ৰৰ অধীনৰ 120 খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু বানপীড়িত জিলাসমূহৰ প্ৰায় 3,000 হেক্টৰ কৃষিভূমি জলমগ্ন হৈ পৰিছে ৷