অসম

assam

ETV Bharat / state

Flood Report 2023: ৰাজ্যত প্ৰথমটো বানত ৬ গৰাকীৰ মৃত্যু, ৫১৪ খন গাঁও জলমগ্ন - Assam flood 2023

ৰাজ্যজুৰি বানৰ সংহাৰ ৷ চলিত বৰ্ষৰ প্ৰথমটো বানক ককবকাইছে ৰাজ্যবাসী ৷ ৰাজ্যজুৰি মঙলবাৰৰ দিনটোত ১১ খন জিলাৰ ৫১৪ খন ৰাজহ গাঁও জলমগ্ন হৈ আছে।

flood report of Assam
ৰাজ্যত প্ৰথমটো বানত ৬ গৰাকীৰ মৃত্যু

By

Published : Jun 27, 2023, 8:33 PM IST

গুৱাহাটী, ২৭ জুন: ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা ৷চলিত বছৰৰ ৰাজ্যৰ প্ৰথমটো বানত এতিয়ালৈকে ৬ গৰাকী মানুহৰ মৃত্যু হৈছে। মঙলবাৰে সন্ধিয়া ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষই এই তথ্য প্ৰকাশ কৰিছে। বৰপেটাত সোমবাৰে বানত দুজন লোকৰ মৃত্যু হোৱাৰ পিচত বৰপেটাত বানত আকৌ এজন লোকৰ মৃত্যু হয়। বানত এতিয়ালৈকে নিহতৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে।

লক্ষণীয় যে, ৰাজ্যজুৰি মঙলবাৰৰ দিনটোত ১১ খন জিলাৰ ৫১৪ খন ৰাজহ গাঁও জলমগ্ন হৈ আছে। এতিয়াও ১,২১,২৪৭ লোক বানৰ কবলত আছে। এই বানত ২৩৮৯.২১ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। মঙলবাৰে সন্ধিয়া ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষই প্ৰকাশ কৰা তথ্যত এই কথা প্ৰকাশ হৈছে ৷ বানত ক্ষতিগ্রস্ত লোকসকলৰ বাবে মুঠতে ২৯ টা সাহায্য শিবিৰ বৰ্তমানলৈ সক্ৰিয় হৈ আছে ৷

ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষই প্রকাশ কৰা অনুসৰি মাত্ৰ ভূটানৰ কুৰিশু বান্ধে পানী এৰাৰ বাবেই নহয়, ভূটান আৰু অসমৰ উজনি অৱবাহিকা অঞ্চলত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবেও নামনি অসমৰ বিভিন্ন ঠাইত বান হৈছে। ইপিনে, বৰষুণৰ তীব্রতা হ্রাস পোৱাৰ ফলত ৰাজ্যৰ নৈ-উপনৈৰ জলস্তৰ হ্রাস পাইছে যদিও ১১ খন জিলাৰ ৫১৪ খন গাঁও বানৰ কবলত আছে।

আজিও ৰাজ্যৰ এক লাখৰ অধিক লোক জলবন্দী হৈ আছে। ইপিনে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত যোৱা দেওবাৰে কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি বৰ্তমানৰ অৱস্থাৰ বুজ লোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰপৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে।
বানত এতিয়াও কামৰূপ জিলাৰ ১৬৮ খন, নলবাৰী জিলাৰ ১২৯ খন আৰু বৰপেটাৰ ৯৩ খন গাঁও জলমগ্ন হৈ আছে।

লগতে পঢ়ক:Heated situation in Hailakandi: হাইলাকান্দিত বন্ধক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details