গুৱাহাটী, ৩১ মে':ৰাজ্যৰ 7 খন জিলাত আগ বাৰিষাৰ বানে ক্ৰমাৎ ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে । বাৰিষালৈ এতিয়াও মাজত প্ৰায় ডেৰমাহ বাকী যদিও, আগতীয়াকৈ অহা বানে ইতিমধ্যে যি সংহাৰী ৰূপ ধাৰণ কৰিছে তালৈ লক্ষ্য কৰিলে এইবাৰৰ বাৰিষাৰ বানে যে ক'ৰণা সন্ত্ৰাসৰ মাজতে ৰুদ্ৰমূৰ্তি ল'ব পাৰে সেই আশংকা ঘনীভূত হৈ পৰিছে ।
ৰাজ্যৰ 7 খন জিলা বিশেষকৈ চিৰাং, বাক্সা, দক্ষিণ শালমাৰা, বিশ্বনাথ, তিনিচুকীয়া, মাজুলী আৰু শোণিতপুৰত ইতিমধ্যে আগ বাৰিষাৰ বানে বিস্তৰ ক্ষতিসাধন কৰিছে । মন কৰিবলগীয়া যে, ২০১৯ বৰ্ষত হোৱা বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলসম্পদ বিভাগৰ ৩৮ টা মথাউৰিৰ লগতে অন্যান্য বিভাগৰ অধীনত থকা আন ১৭ টা মথাউৰিৰ বিভিন্ন অংশত ক্ষতিসাধন কৰিছিল । ইয়াৰে জলসম্পদ বিভাগৰ অধীনস্থ ৩৮ টা মথাউৰিৰ ৩২ টাৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী ৬ টাৰ মেৰামতি আজিও হৈ নুঠিল । আন ১৭ টাৰো মেৰামতি নহ'ল ।
বিভাগীয়ভাৱে মেৰামতি নোহোৱাৰ কাৰণ লকডাউন বুলি কৈ চৰকাৰে দায় সাৰিব খুজিলেও প্ৰকৃতাৰ্থত সেয়া সত্য নহয় । কিয়নো, মাৰ্চৰ পূৰ্বেই মথাউৰি মেৰামতিৰ কাম সম্পূৰ্ণ কৰাটো নিয়ম । কাৰণ মাৰ্চৰ পিচৰে পৰাই অসমত বৰষুণ আৰম্ভ হয় আৰু কাম কৰাটো অসম্ভৱপ্ৰায় হৈ পৰে । দেশত লকডাউন ২৪ মাৰ্চতহে আৰম্ভ হৈছিল । তেনে ক্ষেত্ৰত কাৰ গাফিলতি বা দায়িত্বহীনতাৰ বাবে এই মথাউৰি কেইটাৰ মেৰামতি সম্পূৰ্ণ হৈ নুঠিল সেয়া এক ডাঙৰ প্ৰশ্ন ।
ইয়াৰ মাজতে একাংশ ঠিকাদাৰে কৰা নিম্নমানৰ কামৰ বাবেও এতিয়া জীয়াতু ভূগিব লগীয়া হৈছে সাধাৰণ জনতাই । মাজুলীত জলসম্পদ বিভাগৰ এটা কৃষিবান্ধসহ শ্লুইছ গেট নিৰ্মাণৰ বাবে দিয়া হৈছিল ২০ লাখ টকা । কিন্তু কাম ইমানেই নিম্নমানৰ আছিল যে আগ বাৰিষাৰ প্ৰথমটো বানতেই উটি গ'ল সেই শ্লুইছ গেট ।