অসম

assam

ETV Bharat / state

পদুলিত বাৰিষা : এতিয়াও মেৰামতিৰ কাম বাকী ছটা মথাউৰিৰ ! - বান পৰিস্থিতিৰ সৈতে মোকাবিলা

যোৱাটো বানত ৰাজ্যত সৰ্বমুঠ ৩৮ টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছিল । তাৰে ৩২ টাৰ পুনৰ মেৰামতি ইতিমধ্যে সম্পূৰ্ণ হৈছে যদিও লক্ ডাউনৰ পৰিপ্ৰেক্ষিতত মেৰামতিৰ কাম সম্পূৰ্ণ হৈ নুঠিল ছটা মথাউৰিৰ । ৩১ মে'ৰ ভিতৰত এই ছটা মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰি তোলাৰ কথা ঘোষণা ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ৷

6 embankment still have to repair in Assam
6 embankment still have to repair in Assam

By

Published : May 13, 2020, 8:01 PM IST

গুৱাহাটী, ১৩ মে' : এফালে মহামাৰী কৰ'ণাৰ ৰুদ্ৰমূৰ্তি আৰু আনফালে সমাগত বাৰিষা । যোৱাটো বানত ৰাজ্যত সৰ্বমুঠ ৩৮ টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছিল । তাৰে ৩২ টাৰ পুনৰ মেৰামতি ইতিমধ্যে সম্পূৰ্ণ হৈছে যদিও লক্ ডাউনৰ পৰিপ্ৰেক্ষিতত মেৰামতিৰ কাম সম্পূৰ্ণ হৈ নুঠিল ছটা মথাউৰিৰ । ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ।

সমাগত বাৰিষা

৩১ মে'ৰ ভিতৰত এই ছটা মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰি তোলাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি থকা হৈছে বুলিও তেওঁ মন্তব্য কৰে । এই ছটা মথাউৰি হ'ল কৰিমগঞ্জ জিলাৰ চিংলা নৈৰ দুটা, যোৰহাট আৰু গোলাঘাট জিলাৰ চৰাইপানী নদীৰ দুটা, শোণিতপুৰ জিলাৰ ব্ৰহ্মজান নদীৰ এটা আৰু নগাঁও জিলাৰ এটা ৰিং বান্ধ ।

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ মথাউৰি পৰিদৰ্শন

স্মৰ্তব্য যে, আগন্তুক বাৰিষাৰ সৈতে মোকাবিলা কৰিবলৈ জলসম্পদকে ধৰি অন্যান্য বিভাগসমূহ কেনেদৰে সাজু হৈছে সেই বিষয়ে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক পৰ্যালোচনা বৈঠকতো বুজ লয় । ১ মে'ৰ পৰা ৰাজ্যৰ প্ৰতিটো সংমণ্ডলত স্থাপন কৰা হৈছে নিয়ন্ত্ৰণ কক্ষও । ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা মূলতঃ তিনিটা শিতানত পুঁজি লাভ কৰি আহিছে । এই তিনিটা শিতান হ'ল- এন এল চি পি আৰ, এফ এম পি আৰু উত্তৰ-পূৱ পৰিষদ ।

কাজিৰঙাত মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এই তিনিওটা শিতানৰ পৰা ২০১৯-২০ বৰ্ষত অসমে ৭৮.১৩ কোটি টকা লাভ কৰিছে । আনহাতে, একে শিতানতে ২০১৮-১৯ ত ১৪৩.০৩ কোটি, ২০১৭-১৮ ত ২৪৬.৩৫ কোটি আৰু ২০১৬-১৭ ত ১.৭৯ কোটি টকা অসমে লাভ কৰিছিল । ইয়াৰ ওপৰিঞ্চি এছ ডি আৰ এফৰ পৰা জলসম্পদ বিভাগে ২০১৯-২০ বৰ্ষত ১০১ খন আঁচনিৰ বিপৰীতে ১৫৩.৯১ কোটি, ২০১৮-১৯ ত ১৬০ খন আঁচনিৰ বিপৰীতে ২৫০ কোটি, ২০১৭-১৮ ত ২০৪ খন আঁচনিৰ বিপৰীতে ৩৭০.৪২ কোটি আৰু ২০১৬-১৭ বৰ্ষত ১৬৬ খন আঁচনিৰ বিপৰীতে ৩৪৪.২০ কোটি টকা লাভ কৰিছিল ।

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মথাউৰি পৰিদৰ্শন

আনহাতে,ড'নাৰ মন্ত্ৰণালয়ৰ পৰাও শেহতীয়াকৈ দুখন আঁচনিৰ বিপৰীতে ৪৮.৭৫ কোটি অসমে লাভ কৰিছে । কিন্তু মনকৰিবলগীয়া বিষয়টো হ'ল অসমৰ বানপ্ৰৱণ এলেকাৰ ৫০ শতাংশহে এই পৰ্যন্ত চৰকাৰে সামৰি ল'বলৈ সক্ষম হৈছে । ভৰ বাৰিষা অহাৰ পূৰ্বে অটাইকেইটা মথাউৰিৰ কাম সম্পূৰ্ণ হয় নে নহয় সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক :৩০ দিনৰ ভিতৰত দেশত প্ৰায় 5.50 লাখ লোক আক্ৰান্ত হ’ব কৰ’ণাত !

ABOUT THE AUTHOR

...view details