গুৱাহাটী,৭ জুলাই: কালৰূপ ধাৰণ কৰা দ্বিতীয়টো বানে ৰাজ্যৰ লাখ লাখ লোকক গৃহহীন কৰিছে । ভয়াৱহ ৰূপ ধাৰণ কৰা বানে বহু লোকৰ ঘৰ-দুৱাৰ উটুৱাই নিলে । নিমিষতে ঘৰ-বাৰী বাঢ়নী পানীয়ে প্লাৱিত কৰাত এতিয়াও বৃহৎসংখ্যক লোকে আশ্রয় শিবিৰত অৱস্থান কৰিবলগীয়া হৈছে । দ্বিতীয়টো বানত ঘৰ-দুৱাৰৰ লগতে ৰাজ্যৰ আন্তঃগাঁথনিও ব্যাপক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে( Flood destroy infrastructure in Assam)। বিশেষকৈ কেইবাখনো জিলাৰ পথ-দলং বানে ছিঙি অথবা উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে( Heavy lost of Assam in flood)।
অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বছৰটোৰ দ্বিতীয়টো বানত চাৰি সহস্ৰাধিক পথ আৰু দলঙৰ ব্যাপক ক্ষতিগ্ৰস্ত হৈছে (Assam State Disaster Management Authority stated data)। বহু ঠাইত বাঢ়নী পানীয়ে দলং উটুৱাই নিয়াৰ লগতে পথৰ ক্ষতিসাধন কৰিছে । তথ্য অনুসৰি বিগত ২০ দিনতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৩,৮০৪টা পথৰ বিভিন্ন স্থান বানে উটুৱাই নিছে । একে সময়তে ১৭৯খন দলঙৰ ব্যাপক ক্ষতি হৈছে । অর্থাৎ ২০ দিনত ক্ষতিগ্রস্ত হোৱা মুঠ দলং আৰু পথৰ সংখ্যা হৈছে ৩,৯৮৩ টা ।
চৰকাৰী তথ্যত উল্লেখ কৰা অনুসৰি একেটা দিনতে বহু স্থানত তিনি শতাধিক পথ বানত ক্ষতিগ্ৰস্ত হৈছে । বহু ঠাইত প্রবল সোঁতে উটুৱাই নিছে কালভার্ট । শেহতীয়া ২০ দিনৰ ভিতৰত যোৱা ১ জুলাইত সর্বাধিক ৪৮৬টা পথ ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি ২০ জুনত ৩৪৯টা, ২১ জুনত ৩১৬টা, ২ জুলাইত ৩৪৮ টা পথৰ বানত ক্ষতিসাধন হৈছে । একেদৰে ১৭ জুনত ২৩৪টা, ১৮ জুনত ২১৯টা, ১৯ জুনত ২৯৭টা, ২২ জুনত ২১৮টা, ৩০ জুনত২২১টা পথ খহাই নিছে বাঢ়নী পানীয়ে । আন দিনতো বাঢ়নী পানীত শতাধিক স্থানত পথ ক্ষতিগ্রস্ত হৈছে । আনহাতে,প্ৰাধিকৰণৰ দৈনিক প্রতিবেদনত উল্লেখ কৰা অনুসৰি বিগত ২০ দিনত ১৭৯খন দলঙৰ ক্ষতিসাধন হৈছে । সেই অনুসৰি ১৫ জুনত এখন, ১৬ জুনত ১১খন, ১৭ জুনত ১৬খন, ১৮ জুনত ৫খন, ১৯ জুনত ১৪খন, ২০ জুনত ১৬খন, ২১ জুনত ২০খন, ২২ জুনত ২০খন, ২৩ জুনত ২০খন, ২৪ জুনত ১৫খন, ২৫ জুনত তখন, ২৬ জুনত ২খন, ২৭ জুনত ৫খন, ২৮ জুনত ৫খন, ২৯ জুনত ৫খন, ৩০ জুনত ৫খন, ১ জুলাইত ১৪খন, ২ জুলাইত এখন আৰু ৩ জুলাইত এখন দলং ক্ষতিগ্ৰস্ত হৈছে ।