অসম

assam

ETV Bharat / state

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 97 লৈ বৃদ্ধি - 1,16,939.69 হেক্টৰ কৃষিভূমি বৰ্তমান পানীৰ তলত

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 97 লৈ বৃদ্ধি ৷ বৰ্তমানেও 26,37,513 গৰাকী লোক বানত আক্ৰান্ত হৈ আছে ৷

Flood death toll reach 97 in Assam
ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 97 লৈ বৃদ্ধি

By

Published : Jul 25, 2020, 8:11 PM IST

নিউজ ডেস্ক, 22 জুলাই :অসম দূৰ্যোগ প্ৰশমন বিভাগে প্ৰদান কৰা শেহতীয়া 24 ঘন্টাৰ তথ্য অনুসৰি, বৰ্তমান অসমত 27 খন জিলা বানৰ কবলত আছে ৷ আনহাতে, 71 টা ৰাজহ চক্ৰৰ প্ৰায় 2,370 খন গাঁও আক্ৰান্ত হৈ আছে বানত ৷ প্ৰায় 1,16,939.69 হেক্টৰ কৃষিভূমি বৰ্তমান পানীৰ তলত ৷

যোৱা 24 ঘন্টাত এজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাৰ ফলত বৰ্তমানলৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি, 26,37,513 গৰাকী লোক বানত আক্ৰান্ত হৈছে ৷ সৰ্বমুঠ 294 টা আশ্ৰয় শিবিৰত বাস কৰি আছে 47,772 গৰাকী লোকে ৷

বৰ্তমানেও শোণিতপুৰ, যোৰহাট, গুৱাহাটী, ধুবুৰী, গোৱালপাৰা আদি জিলাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

লগতে পঢ়ক :ইৰান সম্পৰ্কত আমেৰিকাৰ সন্মুখত শিৰনত নহওঁ- ভাৰতীয় দূতাবাস

ABOUT THE AUTHOR

...view details