অসম

assam

Flood in Assam: ৰাজ্যৰ ৩০ লক্ষাধিক বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি

By

Published : Jul 1, 2022, 6:30 PM IST

বিগত ২৪ ঘণ্টাত বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰা হৈছে ৭,৯৩৮ কুইণ্টল চাউল, ৮৬১ কুইণ্টল দাইল, ২১০ কুইণ্টল নিমখ আৰু ২০৩৪৫ লিটাৰ মিঠাতেল । জনে প্ৰতি ২৬৫ গ্ৰাম চাউল, ০.০২৮৭ কিলোগ্ৰাম দাইল, ০.০০৭ কিলোগ্ৰাম নিমখ আৰু ০.০০৬৮ লিটাৰ মিঠাতেল । বিগত ২৪ ঘণ্টাত বানে প্ৰাণ ল'লে ৮জনৰ ।

a
a

গুৱাহাটী, ১ জুলাই :ৰাজ্যত বর্তমানেও বানৰ বিভীষিকা অব্যাহত আছে (Assam Flood 2022) । এতিয়াও বানত বুৰ গৈ আছে ৰাজ্যৰ ২৫খন জিলা । চৰকাৰী তথ্য মতে, ২,৬০৮খন ৰাজহ গাঁৱৰ ৩০ লাখ লোকে বাঢ়নী পানীৰ সৈতে সহৱস্থান কৰিবলগীয়া হৈছে (More than 30 lakhs people affected in Assam flood) । ইয়াৰে ৩ লাখৰো অধিক লোকে প্রশাসনে স্থাপন কৰা ৫৫১ টা আশ্রয় শিবিৰত আশ্রয় গ্ৰহণ কৰি আছে । ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাহাৰ্য সামগ্ৰী বিতৰণৰ বাবে ৩৫৫ টা শিবিৰ স্থাপন কৰা হৈছে (355 relief camp here in Assam)।

আশ্ৰয় শিবিৰ

এই শিবিৰসমূহৰ যোগেদি বানাক্ৰান্তক প্ৰয়োজনীয় খ‍াদ্য-সামগ্ৰীৰ যোগান ধৰা হৈছে । চৰকাৰে বানাক্ৰান্তক প্ৰয়োজনীয় সকলো সামগ্ৰীৰ যোগান ধৰাৰ বাবে জিলা উপায়ুক্তসকলক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে । ইফালে মন্ত্রীসকলকো বানাক্ৰান্ত জিলাসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে দায়িত্ব দিয়া হৈছে । কিন্তু চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ আৰু ব্যৱস্থাপনাৰ পাছতো (Himanta Biswa strictly orders to help flood sufferer)বানাক্ৰান্ত ৰাইজে প্ৰয়োজনীয় সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । বিশেষকৈ বহু অঞ্চলত কোনো ধৰণৰ সাহাৰ্য সামগ্ৰী লাভ কৰা নাই বানাক্ৰান্ত ৰাইজে । আনকি এটুপি খোৱাপানীৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে ।

বানাক্ৰান্তৰ অস্থায়ী আশ্ৰয় শিবিৰ

চৰকাৰী তথ্য মতে, বিগত ২৪ ঘণ্টাত বানাক্ৰান্ত ৰাইজৰ বাবে সাহায্য সামগ্ৰী হিচাপে ৭,৯৩৮ কুইণ্টল চাউল, ৮৬১ কুইণ্টল দাইল, ২১০ কুইণ্টল নিমখ আৰু ২০,৩৪৫ লিটাৰ মিঠাতেল যোগান ধৰা হৈছে । চৰকাৰী তথ্য মতেই বানৰ কবলত আছে ৩০ লাখ লোক । সেই হিচাপত ৭,৯৩৮ কুইণ্টল চাউল বিতৰণ কৰিলে জনে প্ৰতি লাভ কৰিব ২৬৫ গ্ৰাম চাউল । আনহাতে, লাভ কৰিব ০.০২৮৭ কিলোগ্ৰাম দাইল, ০.০০৭ কিলোগ্ৰাম নিমখ আৰু ০.০০৬৮ লিটাৰ মিঠাতেল । চৰকাৰী এই হিচাপৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰি যে চৰকাৰী সাহাৰ্যৰ দ্বাৰা বানাক্ৰান্ত ৰাইজ কিদৰে উপকৃত হৈছে । মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তসকলক হাত খুলি বান সাহাৰ্য দিয়াৰ বাবে কঠোৰ নিৰ্দেশ দিছে (Chief Minister issued strict instructions to DCs) ।

a

কিন্তু বাস্তৱ ক্ষেত্রত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান ধৰা হোৱা নাই । বানাক্ৰান্ত লোকসকলক সকাহ দিয়াৰ ক্ষেত্রত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । যাৰবাবেই বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বানত সৰ্বহাৰা হোৱা লোকসকলৰ মাজত এতিয়া অভাৱ-অনাটন । শিশু খাদ্যৰ কথা দূৰৈৰে । চৰকাৰে দেখাত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে যদিও বাস্তৱ ক্ষেত্রত চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হৈ আছে লাখ লাখ বানাক্ৰান্ত লোক । ইফালে বহু ভিতৰুৱা অঞ্চলত আনকি যোগাযোগ বিচ্ছিন্ন হৈ লাখ লাখ লোকে জীৱন মৃত্যুৰে যুঁজ দি থাকিবলগীয়া হৈছে ।

সাহায্য সামগ্ৰী বিতৰণ

বান পৰিস্থিতি ক্ৰমাৎ অধিক জটিল হৈ পৰিছে । উল্লেখ্য যে চুবুৰীয়া ভূটান আৰু অৰুণাচলৰ লগতে অসমতো ঠায়ে ঠায়ে ধাৰাষাৰ বৰষুণ অব্যাহত থকাত ফেনে-ফুটুকাৰে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ লগতে উপনৈসমূহো । বিশেষকৈ ভূটানৰ পানীয়ে নামনি অসমৰ বজালী, চিৰাং, বৰপেটা আদি জিলাত ত্ৰাসৰ সৃষ্টি কৰিছে । ইফালে অৰুণাচলৰ পানীয়ে লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত সংহাৰ অব্যাহত ৰাখিছে ।

বেঁকী নৈ, কপিলী নৈ, বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰো বিপদসীমাৰ ওপৰেৰে বৈ আছে (water level of Brahmaputra flowing above danger mark) । এতিয়াও বানত বুৰ গৈ আছে ৰাজ্যৰ ২৫খন জিলা । চৰকাৰী তথ্য মতে, ২,৬০৮খন ৰাজহ গাঁৱৰ ৩০ লাখ লোকে বাঢ়নী পানীৰ সৈতে সহৱস্থান কৰিবলগীয়া হৈছে । ইয়াৰে ৩ লাখৰো অধিক লোকে প্রশাসনে স্থাপন কৰা আশ্রয় শিবিৰত আশ্রয় গ্ৰহণ কৰি আছে (More than 3 lakh people in shelter camps) ।

বানত বুৰিছে অসম

বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৮জন লোকৰ বানত মৃত্যু হৈছে । বানত মৃত্যু হোৱাসকলৰ ভিতৰত তিনিটি শিশুও আছে । বৰপেটাত এটি শিশুৰ বানত সলিল সমাধি ঘটাৰ বিপৰীতে লখিমপুৰ আৰু নগাঁৱত শিশুসহ দুজনকৈ লোকৰ মৃত্যু হৈছে । তদুপৰি বিশ্বনাথ,ধেমাজি আৰু মৰিগাঁৱতো এজনকৈ লোকে বানত মৃত্যুক সাৱটি লৈছে ।

কাছাৰত বানত উটি যোৱা এজন লোক আজিও সন্ধানহীন হৈ আছে । এইপর্যন্ত ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫৯জনলৈ বৃদ্ধি পাইছে । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই ২ জুলাই পর্যন্ত ৰাজ্যৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সতৰ্কীকৰণ জাৰি কৰিছে । বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত লুইতত ফেৰী চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ৰাজ্যৰ এনে ভয়াৱহ বান পৰিস্থিতিৰ পাছতো কেন্দ্ৰীয় চৰকাৰে বিষয়টোক গুৰুত্ব সহকাৰে লোৱা নাই । এতিয়ালৈকে বানত ককবকাই থকা লাখ লাখ লোকক সকাহ দিয়াৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক :বান পৰিস্থিতিৰ বুজ ল’বলৈ শনবিললৈ মুখ্যমন্ত্রী: সষ্টম প্ৰশাসন

ABOUT THE AUTHOR

...view details