গুৱাহাটী , ২০ জুন:ৰাজ্যত বৰ্তমানেও অপৰিৱৰ্তিত বান পৰিস্থিতি(Assam flood 2022) । বানত গৃহহীন হৈ পৰিছে হাজাৰ হাজৰ পৰিয়াল,বিস্তৰ ক্ষতিসাধন হৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভুমিৰ । বহু পৰিয়ালে থাকিবলগীয়া হৈছে অনাহাৰ অনিদ্ৰাৰে । বহু অঞ্চলত বানাক্ৰান্তই চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰী আৰু খোৱাপানী নোপোৱা বুলি অভিযোগ উত্থাপন হৈছে(Flood affected people accused of not getting flood relief) ।
জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ চিন্তাত দিশহাৰা হৈ পৰিছে বানপীড়িত ৰাইজ । ফলত চৰকাৰৰ ওপৰতে ক্ষোভ উজাৰিছে বন্যাৰ্ত ৰাইজে । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্রকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৫,১৩৭খন গাঁৱৰ ৪২ লাখ ২৮ হাজাৰ ১৫৭জন লোক বানৰ কৱলত পৰিছে । আনহাতে, যোৱা ২৪ ঘণ্টাত মুঠ নজনে (ভূমিস্খলনত তিনিজন আৰু বানত ছজন) প্ৰাণ হেৰুৱাইছে ।
বানৰ ফলত এতিয়ালৈকে ১ লাখ ৭ হাজাৰ ৩৭০ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে । বানৰ ফলত গোৱালপাৰাকে ধৰি ৰাজ্যৰ ১৪খন জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি প্ৰকাশ কৰিছে । বৰপেটাৰ পাঁচ শতাধিক গাঁও, ধুবুৰীৰ চাৰি শতাধিক, দৰং আৰু নলবাৰীৰ তিনি শতাধিক, গোৱালপাৰা আৰু কামৰূপৰ দুই শতাধিক গাঁও বানৰ কৱলত পৰিছে । তদুপৰি কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নলবাৰী, নগাঁও শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ ডেৰ শতাধিক গাঁও আজিও পানীৰ তলত ।
যোৱা এপ্ৰিলৰপৰা এতিয়ালৈকে বান আৰু ভূমিস্খলনত মুঠ ৭১জনে প্ৰাণ হেৰুৱাইছে । ৰাজ্যৰ ১১৪৭টা বান আশ্রয় শিবিৰত বৰ্তমানে এক লাখ ৮৬ হাজাৰ ৪২৪ বানাক্ৰান্তই আশ্ৰয় লৈ আছে । ইপিনে ৰাজ্যৰ কেইবাখনো নৈ উপনৈ সোমবাৰে পুৱাৰ ভাগলৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে । কেন্দ্রীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ বৈছে বিপদসীমাৰ ওপৰেৰে(Brahmaputra flows above danger mark) । ধুবুৰীত বিপদসীমাৰ ০.৭৭ মিটাৰ , যোৰহাটৰ নিমাতীঘাটত ০.৮৭ মিটাৰ ওপৰেৰে আৰু তেজপুৰত বিপদসীমাৰ ০.৫৮ মিটাৰ ওপৰেৰে বৈ আছে বৰলুইত ।