অসম

assam

By

Published : Jun 11, 2022, 7:46 PM IST

ETV Bharat / state

Flood in Assam 2022: ২.৮০ লাখ কৃষক পৰিয়ালে পোৱা নাই কোনো সাহায্য

ৰাজ্যৰ প্ৰথমটো বানে ত্ৰাহি মধুসূদন খোৱাইছে ৰাজ্যবাসীক (Flood in Assam 2022) ৷ বছৰৰ প্ৰথমটো বানত ৩০ খন জিলাৰ ১.১০ লাখ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে । লগতে এই বানে জুৰুলা কৰিছে ২.৮০ লাখ কৃষক পৰিয়ালক ৷

Flood in Assam 2022
ৰাজ্যৰ প্ৰথমটো বানে ত্ৰাহি মধুসূদন খোৱাইছে ৰাজ্যবাসীক

গুৱাহাটী, ১১ জুন :ৰাজ্যৰপ্ৰথমটো বানত (Flood in Assam 2022) সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাৰ তালিকাত আছে বৰপেটা জিলা । কৃষি বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, এইবাৰ ৰাজ্যৰ প্ৰথমটো বানত ৩০ খন জিলাৰ ১.১০ লাখ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে । ক্ষতিগ্ৰস্ত হৈছে ২.৮০ লাখটা কৃষক পৰিয়াল (Cultivators facing problem in Assam) । তাৰ ভিতৰত সৰ্বাধিক ৬০,৭৭৫ হেক্টৰ কৃষি ভূমিৰ বৰো আৰু আগতীয়া আহু ধান নষ্ট হৈছে (Major parts in Assam washed by Flood)।

উল্লেখ্য যে, কৃষি বিভাগৰ ক্ষয়-ক্ষতিৰ হিচাপ-নিকাচ এতিয়াও অব্যাহত আছে । ধানৰ হিচাপত কিমান ক্ষতি হ'ল সেই পৰিসংখ্যা উলিয়াবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব । কৃষি বিভাগৰ এক সূত্ৰই সূত্ৰটোৱে লগতে কয় যে, ক্ষয়-ক্ষতিৰ তাৎক্ষণিক জোৰা মাৰিবলৈ ইতিমধ্যে আৰ কে ডি ৱাই আঁচনিৰ অধীনত সমূহীয়া কঠীয়াতলী প্ৰস্তুতৰ বাবে জিলাসমূহলৈ বান-সহনশীল ৰঞ্জিত চাব-১, বাহাদুৰ চাব-১ ধানৰ বীজ প্ৰেৰণৰ দিহা কৰা হৈছে ।

১০-১৫ দিনৰ ভিতৰত কঠীয়া ছটিয়াব পাৰিব কঠীয়াতলীত ।

তাৰ পৰা ক্ষতিগ্ৰস্ত কৃষকে বিনামূলীয়াকৈ কঠীয়া লাভ কৰিব । পৰৱৰ্তী সময়ত বানে আকৌ খেতি নষ্ট কৰিলে ৰবি শস্যৰ বতৰত বিভিন্ন ৰবি শস্যৰ বীজ কৃষকক বিনামূলীয়াকৈ দিয়া হ'ব বুলিও জনালে সূত্ৰটোৱে । বৰো আৰু আগতীয়া আহু ধানৰ পাছতেই ক্ষতিগ্ৰস্ত হৈছে মৰাপাট খেতি । প্ৰথমটো বানত ৰাজ্যৰ 14,510.39 হেক্টৰ মৰাপাট খেতি নষ্ট হৈছে ।

লগতে পঢ়ক :বান বিধস্ত জোনাইৰ কবু চাপৰি: মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াৰ বান-খহনীয়া পৰিদৰ্শন

বানত মাকৈ, কুঁহিয়াৰ, শাক-পাচলি, ফল-মূল আদি খেতিও নষ্ট হৈছে । বিশেষকৈ বৰপেটা জিলাৰ ক্ষতিগ্ৰস্ত কৃষকসকল হতাশাত ভুগিছে । চৰকাৰে একোখন পঞ্চায়তৰ ৭০ শতাংশ খেতি নষ্ট হ'লে সাহায্য দিব বুলি কৈছে যদিও বানত ক্ষতিগ্ৰস্ত কৃষকসকলে চৰকাৰৰ পৰা কোনো সাহায্য পোৱা নাই (Flood affected many farmers not get govt help yet)।

অহা সপ্তাহত বানৰ সামগ্ৰিক ক্ষয়-ক্ষতিৰ জৰীপ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ আন এটা দল অসমলৈ আহিব । উল্লেখ্য যে, ৰাজ্যখনত শেহতীয়া বান আৰু ভূমিস্খলনৰ ক্ষতিৰ মূল্যায়নৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (আইএমচিটি) বিগত ১০ দিন পূৰ্বে অসমলৈ আহিছিল ।

ইপিনে অসম ৰাজ্যিক কৃষক সভাৰ সাধাৰণ সম্পাদক টিকেন দাসে কয় যে, কেন্দ্ৰীয় চৰকাৰে অসমৰ বান আৰু প্ৰকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে অওকনীয়া মনোভাৱ প্ৰদৰ্শন কৰি আহিছে । কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকা সত্বেও যোৱা বানৰ ক্ষতিৰ ধনৰ ক্ষেত্ৰত অসম বঞ্চিত হৈছে ।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য মতে, যোৱা বছৰৰ বানত হোৱা ক্ষতিৰ পৰিপ্ৰেক্ষিতত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা মাত্ৰ ৫১ কোটি টকাহে পাবলৈ সক্ষম হৈছে ৷ অথচ ৰাজ্য চৰকাৰে বিচৰা ধনৰ পৰিমাণ আছিল ১,০১৮ কোটি টকা । এইবাৰো বানত চৰকাৰে অওকনীয়া মনোভাৱ প্ৰদৰ্শন কৰি আছে ।

বানৰ ক্ষয়-ক্ষতিৰ জৰীপ কৰিবলৈ প্ৰতিবছৰে কেন্দ্ৰীয় দল অসমলৈ আহে । জৰীপৰ নামত ভেকোভাওনা চলে । জৰীপৰ প্ৰতিবেদন কোনো দিনে ৰাজহুৱা নহয় বুলি তেওঁ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক :ভয়াৱহ সংকট: আঠ বছৰত খহনীয়াত জাহ গ'ল ৰাজ্যৰ ১৪ লাখ বিঘা ভূমি

ABOUT THE AUTHOR

...view details