অসম

assam

ETV Bharat / state

গুৱাহাটী-ঢাকাৰ মাজত বিমান চলাচল আৰম্ভ - সৰ্বানন্দ সোনোৱাল

স্পাইছজেটে মুকলি কৰিলে 78 খন আসনযুক্ত দুখন বিমান ৷ যাত্ৰাৰ শুভাৰম্ভণী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সিদ্ধাৰ্থ ভট্টাচাৰ্য,ভৱেশ কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে

গুৱাহাটী - ঢাকাৰ মাজত বিমান চলাচল আৰম্ভ

By

Published : Jul 1, 2019, 3:19 PM IST

Updated : Jul 1, 2019, 7:32 PM IST

গুৱাহাটী,1 জুলাই :এক ঐতিসাহিক মুহুৰ্তৰ সাক্ষী হৈ ৰ'ল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । আজিৰে পৰা গুৱাহাটী আৰু ঢাকাৰ বায়ুপথত দৈনিকভাৱে বিমানসেৱা আগবঢ়াব দেশৰ বিমান পৰিবহণ প্ৰতিষ্ঠান স্পাইছজেটে।গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰিবলগীয়া প্ৰথমখন আকাশীযান বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুভাৰম্ভণী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,সিদ্ধাৰ্থ ভট্টাচাৰ্য,ভৱেশ কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ডঃ চাহ মহম্মদ টনভিৰ মনচুৰ,লগতে স্পাইছজেট আৰু বিমান বন্দৰ কৰ্তৃপক্ষৰ বহু বিশিষ্ট ব্যক্তি।

গুৱাহাটী - ঢাকাৰ মাজত বিমান চলাচল আৰম্ভ


গুৱাহাটী আৰু ঢাকাৰ মাজত নতুন বিমানসেৱাৰ আৰম্ভ কৰি স্পাইছজেটে 78 খন আসনযুক্ত বৰ্তমান দুখন বিমান আই এ চি এছৰ অধীনত যাতায়তৰ বাবে মুকলি কৰি দিয়ে । দৈনিক 11.55 ত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু 2.10 ত ঢাকাৰ পৰা বিমান দুখন চলাচল কৰিব । এই বিমানকেইখনৰ জড়িয়তে সুবিধাসমূহ দুয়োখন দেশৰ নাগৰিকে লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সৰ্বানন্দ সোনোৱালে। লগতে শৈক্ষিক, স্বাস্থ্য আৰু সাংস্কৃতিক বাতাবৰণ দুয়োখন দেশৰ মাজত অধিক সক্ৰিয় হ'ব বুলি আশা কৰে বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ডঃ চাহ মহম্মদ টনভিৰ মনচুৰে।

Last Updated : Jul 1, 2019, 7:32 PM IST

ABOUT THE AUTHOR

...view details