অসম

assam

কৰ’ণাতংকঃ 30 মাৰ্চলৈ বাতিল কেইবাখনো বিমান

By

Published : Mar 21, 2020, 7:00 PM IST

মাৰাত্মক কৰ’ণা ভাইৰাছৰ সজাগতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ২৪ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ বাতিল উত্তৰ-পুৰ্বাঞ্চলৰ কেইবাখনো বিমান ৷ শনিবাৰে ডিব্ৰুগড়, দিল্লী, শিলচৰ, চেন্নাই, কলিকতাৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ অহা কেইবাখনো বিমান বাতিল কৰা হয় । কিন্তু দেওবাৰে হ’বলগীয়া জনতাৰ কাৰ্ফিউৰ সময়ছোৱাত উত্তৰ-পূৱৰ 12 খনকৈ জৰুৰীকালীন সেৱাৰ অন্তৰ্গত বিমান খোলা থাকিব ৷

কৰ’ণাতংকঃ 30 মাৰ্চলৈ বাতিল কেইবাখনো বিমান
কৰ’ণাতংকঃ 30 মাৰ্চলৈ বাতিল কেইবাখনো বিমান

গুৱাহাটী, 21 মাৰ্চ: সমগ্ৰ বিশ্বত এতিয়া কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস ৷ সেয়েহে সমগ্ৰ বিশ্বই ঠিয় দিছে মহামাৰী কৰ'ণাৰ বিৰুদ্ধে ৷ কৰ'ণা ভাইৰাছে বাণিজ্যিক ক্ষেত্ৰতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ বিমানসেৱাতো পৰিছে ইয়াৰ যথেষ্ট প্ৰভাৱ । এই মাৰাত্মক কৰ’ণা ভাইৰাছৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি ২৪ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ বাতিল কৰা হ’ল উত্তৰ-পুৰ্বাঞ্চলৰ কেইবাখনো বিমান ।

ডিব্ৰুগড়-কলিকতা-গুৱাহাটীলৈ অহা-যোৱা কৰা স্পাইছজেটৰ SG 3745, SG 3748, SG 3319, SG 3319, SG 3747, SG 3746, SG 3320, SG 3320ৰ 8 খন বিমান আগন্তুক ৩০মাৰ্চলৈ বাতিল কৰা হৈছে । লগতে শনিবাৰে ডিব্ৰুগড়, দিল্লী, শিলচৰ, চেন্নাই, কলিকতাৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ অহা SG 3319, SG8152, SG 8169, AI0780, SG0608 নম্বৰৰ বিমানকেইখন বাতিল কৰা হৈছে । আনহাতে স্পাইছজেটে ডিব্ৰুগড়লৈ বাতিল কৰিলে অহা-যোৱা 8 খন বিমান । উল্লেখ্য যে বিমান কৰ্তৃপক্ষই তেওঁলোকৰ কাৰ্যক্ষম অসুবিধাৰ বাবে এই বিমানসমূহ বাতিল কৰা বুলি জানিবলৈ দিয়ে ।

আগৰতলাৰ-গুৱাহাটী-চেন্নাইমুখী ইণ্ডিগ’ৰ 6E 119 নম্বৰৰ বিমান 22 মাৰ্চৰ পৰা 28 মাৰ্চলৈ বাতিল কৰা হয় ৷

কৰ’ণাতংকঃ 30 মাৰ্চলৈ বাতিল কেইবাখনো বিমান

ইফালে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত কৰ‘ণা ভাইৰাছ সংক্ৰমণৰ পৰা ভাৰতবাসীক ৰক্ষা কৰাৰ উদ্দেশ্যে দেওবাৰে দেশজুৰি পালন কৰা হ‘ব জনতা কাৰ্ফিউ৷ এই জনতা কাৰ্ফিউৰ সময়ছোৱাত সমগ্ৰ দেশৱাসীক স্ব-গৃহতে থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ৷ কিন্তু এই জনতাৰ কাৰ্ফিউৰ সময়ছোৱাত খোলা থাকিব উত্তৰ-পূৱৰ 12 খনকৈ জৰুৰীকালীন সেৱাৰ অন্তৰ্গত বিমান ৷ এই কথা ঘোষণা কৰে ভাৰতীয় বিমান বন্দৰ বিভাগৰ আঞ্চলিক শাখা পৰিচালক সঞ্জীৱ জিন্দালে ৷

লগতে পঢ়ক:গোঁসাইগাঁও হাট ৰে'লৱে ষ্টেচনত নাই ক'ৰণা ভাইৰাছ সংক্ৰমণ নিয়ন্ত্ৰণৰ প্ৰাথমিক ব্যৱস্থা

ABOUT THE AUTHOR

...view details