কৃত্ৰিম বানত হাহাকাৰময় পৰিস্থিতি নাৰেংগী-ছয়মাইল সংযোগী পথত
এজাক বৰষুণতে কৃত্ৰিম বান মহানগৰীত ৷ যান-জঁটৰ মাজত সদাব্যস্ত নাৰেংগী-ছয়মাইল সংযোগী পথ ৷
এজাক বৰষুণতে কৃত্ৰিম বান মহানগৰীত
গুৱাহাটী, 14 জুলাই : এজাক বৰষুণতে কৃত্ৰিম বানে হাহাকাৰৰ সৃষ্টি কৰিলে মহানগৰীৰ সদাব্যস্ত নাৰেংগী-ছয়মাইল সংযোগী পথত ৷ ফলত প্ৰতিদিনেই পথচাৰীয়ে ভুগিবলগীয়া হয় যন্ত্ৰণা ৷ পথটোৰ পৰা বৰষুণৰ পানী ওলায় যাব নোৱাৰাৰ বাবেই পথটোত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ৷ নাই উন্নত নলাৰ ব্যৱস্থা ৷ যাৰ বাবে এজাক বৰষুণতে পানী হয় পথচোৱাত আৰু ব্যাঘাত জন্মে যাত্ৰীৰ অহা-যোৱাত ৷ দেওবাৰেও পথচোৱাত সৃষ্টি হয় একেই পৰিৱেশৰ ৷