অসম

assam

ETV Bharat / state

মহানগৰীত সেনাৰ ফ্লেগ মাৰ্চ, স্তব্ধ জনজীৱন ! - সান্ধ্য আইন উলংঘা

সান্ধ্য আইনৰ পিচতেই মহানগৰীৰ বিভিন্ন অঞ্চলত পৰিলক্ষিত হয় সেনাৰ ফ্লেগ মাৰ্চ ৷ প্ৰতিবাদকাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি প্ৰশাসনৰ ৷ সান্ধ্য আইন উলংঘা নকৰিবলৈ জনতাক আহ্বান আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ৷

মহানগৰীত ফ্লেগ মাৰ্চ
মহানগৰীত ফ্লেগ মাৰ্চ

By

Published : Dec 12, 2019, 11:51 AM IST

গুৱাহাটী, 12 ডিচেম্বৰ :ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিচত ৰাজ্যত শান্তি-শৃংখলা অব্যাহত ৰাখিবলৈ প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বুধবাৰে গুৱাহাটী মহানগৰী কেব বিৰোধী প্ৰতিবাদৰ পিচতে জাৰি কৰা হয় সান্ধ্য আইন ৷ ইয়াৰ পিচতেই বৃহস্পতি বাৰে পুৱাৰ ভাগত মহানগৰীৰ বিভিন্ন অঞ্চলত পৰিলক্ষিত হয় সেনাৰ ফ্লেগ মাৰ্চ ৷ খানাপাৰা, ছয়মাইল, গণেশগুৰিত সেনাই তহল দিয়াৰ লগতে যাতে কোনো প্ৰতিবাদকাৰী ওলাই আহিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি প্ৰদান প্ৰশাসনৰ ৷

স্তব্ধ হৈ পৰিছে জনজীৱন

ইয়াৰ লগতে মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে সান্ধ্য আইন উলংঘা নকৰিবলৈ আহ্বান জনাইছে জনতাক ৷ কালি কেব বিৰোধী আন্দোলনত ৰাজহুৱা স্থানত যান-বাহনকে ধৰি বিভিন্ন সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন হয় মহানগৰীত ৷ সেনাৰ ফ্লেগ মাৰ্চৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন ৷

শান্তি-শৃংখলা অব্যহত ৰাখিবলৈ তীক্ষ্ন দৃষ্টি প্ৰশাসনৰ

লগতে পঢ়ক:ৰঙিয়াত ছাত্ৰ সমাজৰ বজ্ৰনিনাদ ধ্বনি : ছয়গাঁৱত আৰক্ষীৰে হতাহতিত আহত 2

ABOUT THE AUTHOR

...view details