গুৱাহাটী,4 নৱেম্বৰ: নৱগঠিত অসম জাতীয় পৰিষদৰ দলীয় পতাকা আৰু খচৰা সংবিধান বুধবাৰে আনুষ্ঠানিকভাৱে মহানগৰীত মুকলি কৰা হয় । দলটোৰ অন্যতম পৰামৰ্শদাতা বসন্ত ডেকা আৰু কৃষ্ণগোপাল ভট্টাচাৰ্যৰ উপস্থিতিত মুকলি কৰা হয় এই খচৰা সংবিধান আৰু দলীয় পতাকা ।
উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ পতাকাখন প্ৰস্তুত কৰিছে বিশিষ্ট চিত্ৰশিল্পী বীৰেন সিংহই । আনহাতে, বুধবাৰে মুকলি কৰা দলটোৰ 34 পৃষ্ঠা যোৰা খচৰা সংবিধানত দলৰ প্ৰতীক কি হ’ব সেই বিষয়ে উল্লেখ কৰা হৈছে এনেদৰে, "নিৰ্বাচন আয়োগে অনুমোদন জনোৱা প্ৰতীকেই হ’ব দলৰ প্ৰতীক । দলৰ প্ৰথম সাধাৰণ অধিৱেশনে পছন্দ অনুসৰি প্ৰতীকৰ এখন তালিকা প্ৰস্তুত কৰিব আৰু এই তালিকা নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা হ’ব । এই অনুমোদিত প্ৰতীকটোৱেই দলৰ প্ৰতীক হ’ব আৰু এইটো সংবিধানৰ অন্তৰ্ভূক্ত হ’ব" ৷