গুৱাহাটী, ১০ মাৰ্চ: আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি ৷ সমগ্ৰ দেশৰ লগতে অসমক লৈয়ো ৰণনীতি প্ৰস্তুত কৰি যোগ- বিয়োগত ব্যস্ত হৈ পৰিছে গেৰুৱা দলটো ৷ অতি গোপন কৌশল আৰু পৰিকল্পনাৰে অসমত আগবাঢ়িছে বিজেপি ৷ দেশজুৰি বিজেপি আৰু আৰএছএছে আগন্তুক লোকসভা নিৰ্বাচনক লৈ চলোৱা সমীক্ষাৰ ভিত্তিত আন ৰাজ্যৰ লগত অসমতো কেইবাজনো সাংসদক এইবাৰ প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বিকল্প প্ৰাৰ্থী লৈ অসমত লোকসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে দলটোৱে (BJP gear up for Lok sabha election) ৷
স্বাভাৱিকতে প্ৰশ্ন হয়, কিয় বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিব বৰ্তমানৰ কেইবাজনো সাংসদক ? বিজেপিৰ ভিতৰুৱা সূত্ৰ অনুসৰি দলটো আৰু আৰএছএছৰ সমীক্ষাত অসমৰ কেইবাজনো সাংসদে হেৰুৱাইছে জনপ্ৰিয়তা আৰু জনভিত্তি ৷ লগতে নিজ নিজ সমষ্টিত সাংসদকেইজনৰ বিৰুদ্ধে বাঢ়িছে প্ৰতিষ্ঠান বিৰোধী ঢৌ ৷ সেয়ে বিজেপিয়ে কেইবাটাও সমষ্টিত সন্ধান কৰিছে নিৰ্বাচন জয়ী কৰিব পৰা নতুন মুখৰ ৷ গণসংযোগ হেৰুওৱা কমেও ৫ জন সাংসদক বিজেপিয়ে এইবাৰ প্ৰাৰ্থিত্ব নিদিয়াৰ পথত আগবাঢ়িছে (BJP new strategy for Assam) ।
বৰ্তমানৰ কোন কোন সাংসদ হেৰুৱাব পাৰে প্ৰাৰ্থিত্ব ?
চৰ্চা অনুসৰি লোকসভাত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সাংসদৰ শীৰ্ষত আছে গুৱাহাটীৰ সাংসদ কুইন ওজাৰ নাম ৷ কুইন ওজাক এইবাৰ প্ৰাৰ্থিত্ব নিদিয়াটো প্ৰায় নিশ্চিত ৷ গুৱাহাটীত বিকল্প ৰূপে প্ৰাৰ্থীৰ সন্ধান চলাইছে দলটোৱে ৷ কুইন ওজাৰ ঠাইত গুৱাহাটীত পুনৰ এগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ বাবে যো-জা চলাই প্ৰাৰ্থীৰ সন্ধানত আছে গেৰুৱা দলটো ৷ লগতে চৰ্চাত আছে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, যোৰহাটৰ সাংসদ তপন গগৈৰ নাম ৷ লগতে এইবাৰ বিজেপিৰ টিকট নাপাব বুলি চৰ্চালৈ আহিছে বৰাকৰ কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাৰ নাম (BJP MPs of Assam) ৷