গুৱাহাটী,২৬ মে':মাটিৰ গণ্ডগোলৰ বাবে আত্মহত্যা কৰিছে জৰ্জ বৰদলৈয়ে (George Bordoloi committed suicide) । বৰদলৈক হাৰাশাস্তি কৰাৰ বাবে মানসিকভাৱে তেওঁ ভাগি পৰিছিল । এতিয়াও ৩০০ বিঘা মাটি ডন বস্ক’ বিশ্ববিদ্যালয়ে দখল কৰি আছে । ইয়াৰ ভিতৰত কিছু অংশ জৰ্জ বৰদলৈ আছিল । কিমান অংশ জৰ্জ বৰদলৈৰ আছিল সেয়া অনুসন্ধান কৰি থকা হৈছে । লগতে কোনো কাৰণতে অপৰাধী সাৰি যাব নোৱাৰে বুলিও উল্লেখ কৰে আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে (George Bordoloi suicide case)। এই কথা প্ৰকাশ কৰিছে মহানগৰীৰ উপ আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে ৷
শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে আজি এখন সংবাদমেলত আৰু কয় যে যোৰাবাটত আৰক্ষীৰ জালত পৰিছে ৫ টা দুধৰ্ষ ডকাইত (Assam Police against criminals) । শেহতীয়াভাৱে গুৱাহাটীত বিভিন্ন ঠাইত ডকাইতিৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে যোৰবাট আৰক্ষীয়ে যোৰাবাটত বৃহস্পতিবাৰে অভিযানত ৫ টা ডকাইতক গেপ্তাৰ কৰিছে(Five robbers arrested by Jorabat police) ।