গুৱাহাটী, ২৯ ছেপ্টেম্বৰ :পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ লগতে ছিপাঝাৰৰ ধলপুৰত আৰক্ষীয়ে কৰা নৃশংস অত্যাচাৰ আৰু গুলীচালনাৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ ব্যৱস্থা কৰক । চৰকাৰৰ প্ৰতি এই দাবী পাঁচটাকৈ বাওঁ-গণতান্ত্ৰিক দলৰ । বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আঞ্চলিক গণ মৰ্চা, চি পি আই, চি পি আই(এম), চি পি আই(এম এল) আৰু ৰাষ্ট্ৰীয় জনতা দলৰ নেতৃত্বই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে ।
উল্লেখ যে, ২৬ ছেপ্টেম্বৰত এই পাঁচটা দলৰ এটা প্ৰতিনিধি দলে ২০ আৰু ২৩ ছেপ্টেম্বৰত দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত অঞ্চল ভ্ৰমণ কৰি ঘটনাৰ বুজ লয় । সেই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয়, আমাৰ প্ৰতিনিধি দলটো ছিপাঝাৰৰ ম'হবন্ধাৰ পৰা পাৰঘাট হৈ ভৰদুপৰীয়া ধলপুৰ পোৱা সময়ত পুৰুষ, মহিলা, শিশু, বৃদ্ধ-বৃদ্ধাসহ সহস্ৰাধিক লোক উৎকট গৰমৰ পৰা ৰক্ষা পোৱাৰ বাবে বাঁহতলৰ ছাঁত আশ্ৰয় লৈ আছিল ।
লগতে পঢ়ক:কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ
উচ্ছেদিত ৰাইজে বাসস্থান আৰু মাটি-বাৰী সৰ্বস্ব হেৰুৱাই নিৰাপত্তাহীনতা আৰু গভীৰ আশংকাত ভুগিছিল । ২৩ ছেপ্তেম্বৰৰ উচ্ছেদৰ দিনা পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল আৰু মইনুল হক আৰু শ্বেখ ফৰীদক বৰ্বৰভাবে হত্যা কৰা হৈছিল । ঘটনাত দুজনৰ মৃত্যুৰ লগতে গুৰুত্বভাৱে আহত হৈ ৯ জন লোক চিকিৎসাধীন হৈ আছে । তেওঁ লগতে কয়, ২ আৰু ৩ নং ধলপুৰত সম্পূর্ণ উচ্ছেদ আৰু ১ নং ধলপুৰত আংশিক উচ্ছেদ চলোৱা হৈছিল ।
অঞ্চলটো দুখন গাঁও পঞ্চায়তৰ সমষ্টি বাজনা পথাৰ আৰু খানোৱা । তাৰে আধা বাম অঞ্চল আৰু আধা অংশ চাপৰি । ভোটাৰ প্ৰায় ১৭,০০০ আৰু তেওঁলোক স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় নাগৰিক। উচ্ছেদ চলোৱা অঞ্চলত দুখন অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় আছে । অঞ্চলটোৰ থলুৱা মুছলমান সকলৰ প্ৰায় ৩০০ বিঘা খেতি মাটিত উচ্ছেদ চলোৱা হৈছিল ।
লগতে পঢ়ক:শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ