আজাৰা, 28 অক্টোবৰ : অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে JEE পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত ৫ জন লোকক । আজাৰা আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে প্ৰায় ৬ ঘন্টাযোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিলে আটাইকেইজনক । গ্ৰেপ্তাৰ লোৱা লোককেইজনৰ নাম ড° জ্যোতিময় দাস,নীলনক্ষত্ৰ দাস,হেমেন্দ্ৰ নাথ শৰ্মা,প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক । ইয়াৰে হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক হৈছে ION Digital Zoneৰ কৰ্মকৰ্তা । আনহাতে, জ্যোতিময় দাস হৈছে নীলনক্ষত্ৰ দাসৰ পিতৃ । ধৃত পিতৃয়ে সকলো ক্ষেত্ৰতে কৰিছিল মেনেজ ।
ই টি ভি ভাৰতত পোন প্ৰথমে সম্প্ৰচাৰ হৈছিল JEE ৰ কেলেংকাৰীৰ ঘটনা । ধন দি জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল এগৰাকী যুৱক ৷ JEE পৰীক্ষাৰ খেলি মেলিৰ বিষয়ে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই নিজেই চলাইছে তদন্ত প্ৰক্ৰিয়া । এই ঘটনা সন্দৰ্ভত গঠন কৰি দিয়া বিশেষ তদাৰক কমিটিয়ে চলাইছে জোৰদাৰ তদন্ত । ঘটনাত জড়িতৰ সন্দেহত ION Digital Zoneৰ প্ৰায় 20 জনক সোধ-পোছৰ বাবে আটক কৰা হৈছিল ৷