অসম

assam

ETV Bharat / state

বৰপেটাৰ ভিন্ন অঞ্চলৰ পৰা আটক পাঁচ জেহাদী সদস্য - বৰপেটাৰ ভিন্ন অঞ্চলৰ পৰা আটক পাঁচ জেহাদী

জেহাদী সদস্যই কঁপাইছে ৰাজ্য ৷ বৰপেটাৰ ভিন্ন অঞ্চলৰ পৰা আটক পাঁচ জেহাদী (Five People arrested from Assam town for Jehadi links) ৷ আটকাধীন জেহাদী কেইজন হৈছে বাংলাদেশৰ এটা জেহাদী সংগঠনৰ সৈতে সম্পৰ্কিত ৷

বৰপেটাৰ ভিন্ন অঞ্চলৰ পৰা আটক পাঁচ জেহাদী
বৰপেটাৰ ভিন্ন অঞ্চলৰ পৰা আটক পাঁচ জেহাদী

By

Published : Mar 5, 2022, 2:21 PM IST

নিউজ ডেস্ক, 5 মাৰ্চ : পুনৰ পোহৰলৈ আহিছে জেহাদী সদস্যৰ আটকৰ ঘটনা ৷ বিগত কিছুদিন ধৰি এই বিষয়টো সংবাদ মাধ্যমৰ পৰা আঁতৰত আছিল ৷ কিন্তু পুনৰ ৰাজ্যত শিপাইছে সন্ত্ৰাসবাদী সংগঠন জেহাদীয়ে ৷

চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ বিশেষ শাখাই বৰপেটা আৰক্ষীৰ সহযোগত শুকুৰবাৰে নিশা চলাই এক অভিযান ৷ এই অভিযান কালতে বৰপেটাৰ ভিন্ন অঞ্চলৰ পৰা আটক কৰা হয় 5 জনকৈ জেহাদী সদস্যক (Five People arrested from Assam town for Jehadi links) ৷ হাউলী, বৰপেটা, কলগাছিয়া থানাৰ অধীনষ্ঠ এলেকাৰ পৰা আটক কৰা লোক 5 জনে বাংলাদেশৰ সৈতে সম্পৰ্কিত এটা জেহাদী সংগঠনৰ সৈতে জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷

আটকাধীন কেইজন হৈছে টাইমুৰ ৰহমান খান (৫৪), নুচাদ আলী (40), বাদশ্বাহ সুলেইমান খান (২৮), খাইৰুল ইছলাম (২৭), মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ৷

আটকাধীন সদস্যসকলৰ প্ৰাথমিক জেৰাৰ অন্তত দেখা যায় যে, ছাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ ওৰফে মহম্মদ সুমন নামৰ ব্যক্তিজন বাংলাদেশৰ বাসিন্দা ৷ যিয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ৷ ব্যক্তিজনে ঢাকলিয়াপাৰা মছজিদৰ শিক্ষক হিচাপে কৰ্মৰত আছিল ৷

তদুপৰি ছাইফুলে আল-কায়দা আৰু অন্যান্য সন্ত্ৰাসবাদী সংগঠনৰ অবৈধ কাৰ্যকলাপত লিপ্ত থকাৰ লগতে বৰপেটাত এই কাম-কাজসমূহ সম্প্ৰসাৰণ কৰাৰ দায়িত্বত ন্যস্ত আছিল (Al-Qaeda Affiliated Jihadis Arrested In Barpeta) ৷ কেৱল এয়াই নহয়, ব্যক্তিজনে আনছাৰুল্লাহ বাংলা দল (ABT) নামৰ এটা জেহাদী সংগঠনৰ সদস্যভৰ্তিৰ কামতো নিয়োজিত আছিল বুলি জানিব পৰা গৈছে ৷ 5 জনীয়া জেহাদী সদস্যকেইজনৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰাৰ লগতে কিছুসংখ্যক বৈদ্যুতিক সা-সৰঞ্জাম উদ্ধাৰ কৰে ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰপেটা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 268/2022 U/S 120(b)/121/121(A) নম্বৰত, R/W Sec 17/18/18(b)/19/20/UA(P) Act. 1967 ৰ পাছপ’ৰ্ট আই’ৰ অধীনত R/W Sec 21(1)(c) নম্বৰত আৰু 1946 ৰ বিদেশী আইনৰ R/W Sec 14(a) (b) এক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক :Russia Ukraine war : ইউক্ৰেইনৰ পৰা ১১ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details