অসম

assam

ETV Bharat / state

মাটিৰ দালালিত হাত উজান; তিনি চৰকাৰী কৰ্মচাৰীৰ লগতে গ্ৰেপ্তাৰ পাঁচটা মাটিৰ দালাল - Guwahati land scam news

Guwahati land scam news: ৰাজ্যত আকৌ গ্ৰেপ্তাৰ মাটিৰ দালাল ৷ লগতে গ্ৰেপ্তাৰ দালালিত হাত উজান দিয়া লুভীয়া চৰকাৰী কৰ্মচাৰীও । গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ পাঁচটা দালালৰ লগতে তিনি চৰকাৰী কৰ্মচাৰী ৷

land scam
গ্ৰেপ্তাৰ মাটিৰ দালাল

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 7:47 PM IST

গুৱাহাটী, ২২ ডিচেম্বৰ : গুৱাহাটী মহানগৰীত মাটিৰ দালালৰ দপদপনি ৷ মাটিৰ দালালৰ লগতে লক্ আপত সোমাল চৰকাৰী কৰ্মচাৰীও । মহানগৰীত গ্ৰেপ্তাৰ হৈছে 5 টা দালালসহ তিনি চৰকাৰী কৰ্মচাৰী । মুঠ 8 জনক গ্ৰেপ্তাৰ কৰা হৈছে দালালিৰ অভিযোগত ৷ গ্ৰেপ্তাৰ হোৱা দালালকেইটা ক্ৰমে তুমান দাস, নিৰেন চৌধুৰী, ৰহম ৰহমান, অমূল্য কলিতা,পংকজ দাস । ইপিনে ইতিমধ্যে আন ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী দেবাশিষ বৰুৱা, সদোয় কুমাৰ ডেকা আৰু নিতুল চন্দ্ৰ দাসক পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, 12 ডিচেম্বৰত ভৰলুমুখ আৰক্ষী থানাত গায়ত্ৰী শৰ্মা নামৰ মহিলা গৰাকীয়ে অভিযোগ দিছিলে যে ভৰলুমুখৰ টি আৰ পি ৰোডৰ ডাগ নং 115 আৰু পট্টা নং 1021 নম্বৰৰ এক কঠা চাৰি লেচা মাটিখিনি প্ৰয়াত দেবেন্দ্ৰ গোস্বামী আৰু আন দুজন ভাতৃৰ নামত আছিল । যিখিনিৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় দুই কোটি টকা । আইনী উত্তৰাধিকাৰীসকলে যেতিয়া মালিকীস্বত্ব হস্তান্তৰ কৰাৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যায়, তেতিয়াই সমগ্ৰ তথ্য পোহৰলৈ আহে ।

মাণিক দাস নামৰ লোক এজনে 1995 চনত ভুৱা নথি-পত্ৰৰে মাটিখিনি ক্ৰয় কৰা দেখুৱাইছিল । ঘটনা সন্দৰ্ভত 362/23 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । তদন্তত পোহৰলৈ আহে যে মাটিখিনি প্ৰৱঞ্চনাৰে বিক্ৰী কৰা হৈছিল আৰু তাৰ পিচত মূল্যৱান মাটিখিনি দখল কৰিছিল প্ৰৱঞ্চকে । মূল অভিযুক্ত মাণিক দাসৰ চলিত বৰ্ষৰ এপ্ৰিলত মৃত্যু হয় । তেওঁৰ মৃত্যু হোৱাৰ পিচত মাটিখিনি অমূল্য কলিতা নামেৰে আন এজন মানুহে দখল কৰে । আন চাৰি অভিযুক্তো ঘটনাৰ লগত জড়িত থকাৰ প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

আনহাতে ভূমি কেলেংকাৰীৰ আন গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা উপ-পঞ্জীয়ক কাৰ্যালয়ৰ তিনিজন চৰকাৰী কৰ্মচাৰীও এই গোচৰৰ লগত জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে, ভূমি জালিয়াতি গোচৰত মহানগৰ আৰক্ষীয়ে উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী, মণ্ডল, দালাল, অধিবক্তাসহ ইতিমধ্যে 23 জনক গ্ৰেপ্তাৰ কৰিছে । 5 জন দালালক গ্ৰেপ্তাৰ কৰাৰ পিচতে এই সংখ্যা 28 জনলৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক :ভূ-মাফিয়াৰ অত্যাচাৰত মৃত্যু হোৱা নিৰঞ্জনে পাবনে ন্যায় ?

ABOUT THE AUTHOR

...view details