অসম

assam

ETV Bharat / state

অসম-মিজোৰাম সীমান্তত আহত হোৱা ৫ গৰাকী আৰক্ষীক GMCH লৈ স্থানান্তৰ - মিজোৰাম সীমান্তৱৰ্তী

জিএমচিএইচত (GMCH) ভৰ্তি আৰক্ষীৰ জোৱানক সাক্ষাৎ কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (KESHAB MAHANTA)। পাঁচগৰাকী বীৰ জোৱানক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত শিলচৰৰ পৰা এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ (GUWAHATI) আনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । প্ৰয়োজনীয় জৰুৰী চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী (HELTH MINSTER)।

অসম-মিজোৰাম সীমান্তত আহত হোৱা ৫ গৰাকী আৰক্ষীক GMCH লৈ স্থানান্তৰ
অসম-মিজোৰাম সীমান্তত আহত হোৱা ৫ গৰাকী আৰক্ষীক GMCH লৈ স্থানান্তৰ

By

Published : Jul 28, 2021, 9:27 PM IST

গুৱাহাটী, ২৮ জুলাই : মিজোৰামৰ সীমান্তৱৰ্তী কাছাৰ জিলাৰ লাইলাপুৰত সংঘটিত গুলীচালনাৰ ঘটনাত আহত অসম আৰক্ষীৰ পাঁচগৰাকী বীৰ জোৱানক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত শিলচৰৰ পৰা এয়াৰ এম্বুলেঞ্চৰ সহায়ত গুৱাহাটীলৈ আনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । তেওঁলোকৰ মাজৰে দুগৰাকী গোপেশ্বৰ সিনহা আৰু অচিত কান্তি দাসক মঙলবাৰে নিশাই জিএমচিএইচত (GMCH) ভৰ্তি কৰোৱাৰ পাছত বুধবাৰে বিয়লি নগেন মেচ, দীপাংকৰ বৰা আৰু ৰামজী চৌহানকো ভৰ্তি কৰোৱা হয় । GMCH ত ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁলোকৰ জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।

অসম-মিজোৰাম সীমান্তত আহত হোৱা ৫ গৰাকী আৰক্ষীক GMCH লৈ স্থানান্তৰ

স্বাস্থ্যমন্ত্ৰী (HELTH MINSTER) কেশৱ মহন্তই (KESHAB MAHANTA) বুধবাৰে জিএমচিএইচলৈ গৈ মিজোৰাম সীমান্তত আহত অসম (ASSAM POLICE) আৰক্ষীৰ সাহসী জোৱানকেইগৰাকীৰ চিকিৎসাৰ বাবে জিএমচিএইচৰ ফালৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লোৱাৰ লগতে আহত জোৱানৰ খবৰ লয় । চিকিৎসাধীন আহত জোৱানকেইজনক দেখা কৰাৰ সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে আছিল GMCH ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু অধীক্ষক ডাঃ অভিজিত শৰ্মা । বীৰ জোৱানসকলৰ বাবে প্ৰয়োজনীয় জৰুৰী চিকিৎসা সেৱা আগবঢ়াবলৈ মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু জিএমচিএইচৰ অধীক্ষকক নিৰ্দেশ দিয়ে ৷ ইফালে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা অসম আৰক্ষীৰ এই বীৰ জোৱান কেইগৰাকীক সুস্থ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ধৰণৰ জৰুৰী চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে ।

অসম-মিজোৰাম সীমান্তত আহত হোৱা ৫ গৰাকী আৰক্ষীক GMCH লৈ স্থানান্তৰ

মিজোৰাম সীমান্তৰ গুলীচালনাৰ ঘটনাত আহত অসম আৰক্ষীৰ বিষয়া-জোৱানসকলৰ সাহস আৰু কৰ্তব্য নিষ্ঠাৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ দ্ৰুত আশু-আৰোগ্য কামনা কৰে ।

লগতে পঢ়কঃ ৰাজ্যজুৰি প্ৰথমবাৰৰ বাবে দেশভক্তি দিৱস পালন

ABOUT THE AUTHOR

...view details