অসম

assam

ETV Bharat / state

মহানগৰীৰত ড্ৰাগছ সহ পাঁচ সহবৰাহকাৰীক গ্ৰেপ্তাৰ - guwahati police

ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ পুনৰ চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক পাঁচ সৰবৰাহকাৰী ৷

four drugs paddler arresed in guwahati
মহানগৰীৰত বুজন পৰিমাণৰ ড্ৰাগছ সহ পাঁচ সহবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Aug 13, 2021, 8:42 PM IST

গুৱাহাটী,১৩ আগষ্ট :ৰাজ্যৰ চৌদিশে অসম আৰক্ষীয়ে ইটোৰ পাচত সিটো ড্ৰাগছৰ ঘাটি উৎখাত কৰিছে । আৰক্ষী-প্ৰশাসনৰ ফালৰ পৰা ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ লগতে কেইদিনমান পূ্ৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও ড্ৰাগছ সৰবৰাহৰ দৰে সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে চৰকাৰ সদায় কঠোৰ বুলি স্পষ্ট কৰি দিছিল ৷

ইয়াৰ পাচতো কিন্তু ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰিব পৰা নাই ৷ প্ৰশাসন তথা অসম আৰক্ষীৰ তৰফৰ পৰা এটাৰ পাচত আনটো ড্ৰাগছ বিৰোধী অভিযান চলোৱা হৈছে আৰু প্ৰত্যেকটো অভিযানতে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ সৰবৰাহকাৰী আটক কৰা পৰিলক্ষিত হৈছে ৷ ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে মহানগৰ আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ 5 গৰাকীকৈ সৰবৰাহকাৰীক আটক কৰা হৈছে ৷

মহানগৰীৰত বুজন পৰিমাণৰ ড্ৰাগছ সহ পাঁচ সহবৰাহকাৰীক গ্ৰেপ্তাৰ

দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি মহানগৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল এই পাঁচ ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ আৰক্ষীৰ এক সূত্ৰই সদৰি কৰা মতে এক গোপন সূত্ৰৰ পম খেদি নুনমাটি আৰক্ষী, পানীখাইতি আৰক্ষী চকী আৰু চান্দমাৰী আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান ৷

লগতে পঢ়ক:ৰহাত প্ৰহসনত পৰিণত পশু চিকিৎসা ব্যৱস্থা

অভিযানত ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাক আটক কৰাৰ লগতে ১৬ গ্ৰাম ড্ৰাগছ ভৰ্তি ৫০ টা কনটেইনাৰ, ১০৭ টা খালি কনটেইনাৰ, ১৫ টা চিৰিঞ্জ ৰ লগতে ১২ টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । মহানগৰীৰ নুনমাটি, পানীখাইতি আৰু চান্দমাৰী অঞ্চলৰ পৰা আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰীকেইটাক ৷ সৰবৰাহকাৰীকেইটা ক্ৰমে অংকুৰজ্যোতি দাস, কিশোৰ শৰ্মা (পানী খাইটি), অজিত শইকীয়া (নুনমাটি), ৰাজীৱ ৰাজবংশী( নুনমাটি) আৰু ৰাহুল হুছেইন (চান্দমাৰী) ৷

সম্প্ৰতি ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে । ইফালে মহানগৰীৰ কেইবাটাও স্থান একা বৃহৎ চক্ৰই ড্ৰাগছৰ ব্যৱসায় চলাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত

ABOUT THE AUTHOR

...view details