অসম

assam

ETV Bharat / state

সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কমিটিত অসমৰ পাঁচ সাংসদক অন্তৰ্ভুক্ত - সমষ্টি পুণৰ নিৰ্দ্ধাৰণ আয়োগ

দেশৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ আয়োগে অনুমোদন জনোৱাৰ পিচত উক্ত কমিটিত অন্তৰ্ভুক্তিৰ বাবে লোকসভা সচিবালয়ে আয়োগলৈ প্ৰেৰণ কৰিছে অসমৰ পাঁচগৰাকী সাংসদৰ নাম ।

five assam mp selected for delimitation committee
five assam mp selected for delimitation committee

By

Published : May 28, 2020, 12:12 PM IST

গুৱাহাটী, ২৮ মে': কোভিড সন্ত্ৰাসৰ মাজতে ৰাজ্যত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ কোচকাৱাজ অব্যাহত আছে । ইতিমধ্যে সমষ্টি পুনৰ গঠন কমিটিত অন্তৰ্ভুক্তিৰ বাবে অসম বিধানসভাই প্ৰেৰণ কৰা পাঁচগৰাকী বিধায়কৰ নাম দেশৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ আয়োগে অনুমোদন জনাইছে ৷ উক্ত কমিটিত অন্তৰ্ভুক্তিৰ বাবে লোকসভা সচিবালয়ে আয়োগলৈ প্ৰেৰণ কৰিছে অসমৰ পাঁচগৰাকী সাংসদৰ নাম । এই পাঁচগৰাকী সাংসদ হ'ল বিজেপিৰ ডাঃ ৰাজদ্বীপ ৰায়, পল্লৱলোচন দাস আৰু দিলীপ শইকীয়াৰ লগতে কংগ্ৰেছৰ আব্দুল খালেক আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া ।

ইয়াৰ পূৰ্বে অসম বিধানসভা সচিবালয়ে প্ৰেৰণ কৰা পাঁচজনীয়া বিধায়কৰ তালিকাখনত আছিল ক্ৰমে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, এ আই ইউ ডি এফৰ হাফিজ বছিৰ আহমেদ কাছিমী, বিজেপিৰ মৃণাল শইকীয়া, বি পি এফৰ ৰবিৰাম নাৰ্জাৰী আৰু কংগ্ৰেছৰ কমলাক্ষ্য দে' পুৰাকায়স্থ । উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বিষয়টো বিগত প্ৰায় এটা দশকজুৰি এক অন্যতম ৰাজনৈতিক চৰ্চাৰ বিষয় হৈ আহিছে ।

ABOUT THE AUTHOR

...view details