গুৱাহাটী, ১২ জানুৱাৰী: ভোগালী বিহু পালেহিয়েই ৷ গাঁওবোৰ, চুবুৰীবোৰ পিঠা ভজাৰ গোন্ধত আমোলমোলাইছে ৷ পথাৰত বা মুকলি স্থানত গাঁৱে-ভূঞে দেখা গৈছে মেজি আৰু ভেলাঘৰ ৷ সকলোৱেই বিহু বুলি ভাগে ভাগে খাদ্যসম্ভাৰ যোগাৰ কৰিছে ৷ ভোগালী বুলি ক’লেই বিশেষকৈ উৰুকাৰ ভোজ-ভাতৰ প্ৰাধান্যই বেছি ৷ হাঁহ, ছাগলী, মুৰ্গী আদিৰ মঙহ; চিতল, ভকুৱা, ৰৌ, আঁৰি, বৰালি আদি মাছ, বতৰৰ শাক-পাচলিৰে এসাঁজ লগে-ভাগে খাবলৈ সকলো সাজু হৈছে ৷ আপুনি পিচে বিহুলৈ কি যোগাৰ কৰিছে ?
ভোগালীৰ ৰং লাগিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গাতো ৷ বিভিন্নজনে মুখ্যমন্ত্ৰীক বাসভৱনত গৈ জনাইছে ভোগালীৰ শুভেচ্ছা ৷ এইবাৰ মুখ্যমন্ত্ৰীৰ ঘৰত উৰুকাত চিতলৰ কলঠি, আঁৰি আৰু বৰালী মাছৰ জোলেৰে হ’ব ভোজ-ভাত ৷ কিয়নো বৃহত্তৰ উজান বজাৰ অনুসূচিত জাতি নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই শুকুৰবাৰে পুৱাতেই মুখ্যমন্ত্ৰীক উপহাৰ দিলে এটা 10 কেজি ওজনৰ চিতল আৰু 8.5 কেজি ওজনৰ এটা আঁৰি মাছ ৷