অসম

assam

ETV Bharat / state

Flood Situation in Assam: ৰাজ্যত বানত প্ৰথমগৰাকী লোকৰ মৃত্যু; প্ৰায় 5 লাখ লোক আক্ৰান্ত - বান পৰিস্থিতি

বৃহস্পতিবাৰেও অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি ৷ প্ৰথমটো বানত পৰি ৰাজ্যত মৃত্যু হৈছে এগৰাকী লোকৰ ৷ বানৰ কৱলত পৰিছে 13শৰো অধিক ৰাজহ গাঁও ৷

Flood Situation in Assam
Flood Situation in Assam

By

Published : Jun 22, 2023, 10:09 PM IST

গুৱাহাটী, 22 জুন: ৰাজ্যত ক্ৰমাৎ জটিল হৈছে বান পৰিস্থিতি ৷ প্লাৱিত হৈছে ন ন অঞ্চল ৷ চলিত প্ৰথমটো বানত পৰি মৃত্যু হৈছে এজন লোকৰ ৷ বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷ তামুলপুৰত লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

লক্ষণীয় যে ৰাজ্যৰ বান পৰিস্থিতি বৃহস্পতিবাৰৰ দিনটোতো অপৰিৱৰ্তিত হৈ আছ ৷ বৃহস্পতিবাৰৰ তথ্য অনুসৰি 22 খন জিলাৰ 1366খন ৰাজহ গাঁৱৰ 4,95799 জন লোক চলিত বানৰ কৱলত পৰিছে ৷ বানৰ ফলত 14091.90 হেক্টৰ কৃষিভূমি নষ্ট হৈছে ৷

বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুঠতে 35 টা সাহায্য শিবিৰ মুকলি কৰা হৈছে ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা অনুসৰি মাত্ৰ ভূটানৰ কুৰিশু বান্ধে পানী এৰাৰ বাবেই নহয়, ভূটান আৰু অসমৰ উজনি অৱবাহিকা অঞ্চলত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবেও নামনি অসমৰ বিভিন্ন ঠাইত বান হৈছে ৷

ভূটান চৰকাৰে বৃহস্পতিবাৰে বতৰৰ আগতি বতৰা প্ৰকাশ কৰাৰ পাচতেই দুৰ্যোগ প্ৰশমন বিভাগে নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে ধুবুৰী আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ লগতে মানাহ নদী, বৰপেটা ৰোডৰ বেঁকী, ৰঙিয়াৰ পুঠিমাৰী আৰু নলবাৰীৰ পাগলাদিয়া নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে ৷ নদী কেইখনৰ কাষৰীয়া গাঁওসমূহত প্ৰশাসনে সতর্কতা অৱলম্বন কৰিছে ৷

লক্ষণীয় যে দৰং আৰু কোকৰাঝাৰৰ 8 খন দলঙৰ বিস্তৰ ক্ষতি হোৱাত ৰাইজৰ যাতায়াতৰ অসুবিধা হৈছে ৷ ইফালে, ভূটানৰ বান্ধৰ অতিৰিক্ত পানী বৰপেটা, বাক্সা, চিৰাং জিলালৈ বৈ অহাত আতংকৰ সৃষ্টি হৈছে ৷ যোৱা বছৰো ভূটানৰ অতিৰিক্ত পানীয়ে বহু গাঁৱৰ ক্ষতিসাধন কৰিছিল ৷

যোৱা 24 ঘণ্টাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 1.6 ডিগ্ৰী চেলছিয়াছৰ পৰা 3.0 ডিগ্ৰী চেলছিয়াছ কম আছিল ৷ ৰাজ্যখনত বৃহস্পতিবাৰে সৰ্বোচ্চ তাপমাত্ৰা শিলচৰত 31.2 ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল ।

লগতে পঢ়ক:Assam Flood 2023 : মানিকপুৰত বন্যাৰ্তৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details