গুৱাহাটী, ৭ মাৰ্চ: উত্তৰ-পূৱত প্ৰথমবাৰৰ বাবে ব্যক্তিগত মালবাহী ট্ৰেইন উদ্ধোধন কৰে ষ্টাৰ চিমেণ্ট কৰ্তপক্ষই । সোণাপুৰস্থিতষ্টাৰ চিমেন্ট ইউনিটৰ পৰা ট্ৰেইনৰে দেশৰ বিভিন্ন প্ৰান্তলৈ পৰিবহন কৰা হ'ব চিমেণ্ট । ষ্টাৰ চিমেণ্ট কৰ্তপক্ষই ৩০ কোটি টকা ব্যয় সাপেক্ষ্যে অতি কম সময়তে ইউনিটৰ পৰা ৫.৫ কিঃমিঃ দৈঘ্যৰ ৰেল পথটো নিৰ্মান কৰি উলিয়াইছে।
উত্তৰ-পূৱত ব্যক্তিগত মালবাহী ট্ৰেইন উদ্বোধন - ETV BHARAT
উত্তৰ-পূৱত প্ৰথমবাৰৰ বাবে ব্যক্তিগত মালবাহী ট্ৰেইন উদ্বোধন কৰে ষ্টাৰ চিমেণ্ট কৰ্তৃপক্ষই । সোণাপুৰস্থিত ষ্টাৰ চিমেন্ট ইউনিটৰ পৰা ট্ৰেইনৰে দেশৰ বিভিন্ন প্ৰান্তলৈ পৰিবহন কৰা হ'ব চিমেণ্ট ।
FIRST PRIVATE GOODS TRAIN IN NORTH EAST
বৃহষ্পতিবাৰে এক উদুলি-মুদুলি পৰিৱেশত চিমেণ্ট ভৰ্তি ট্ৰেইন খনৰ পৰিৱহনৰ শুভাৰম্ভ কৰে ষ্টাৰ চিমেণ্টৰ উপাধ্যক্ষ ৰাজেন্দ্ৰ চামাৰীয়াই । অনুষ্ঠানটোত ষ্টাৰ চিমেণ্টৰ কেইবাজনো শীৰ্ষ বিষয়াৰ লগতে ৰেল বিভাগৰো উচ্চ পদস্থ বিষয়ববীয়া উপস্থিত থাকে।