গুৱাহাটী,1 জুন: মঙলবাৰে জনতা ভৱনত (Janata Bhawan) বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে যুটীয়াভাৱে এক সংবাদমেল সম্বোধন কৰে ৷ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী হিচাপে অজন্তা নেওগে সম্বোধন কৰা প্ৰথমখন সংবাদমেলযোগে চলিত বৰ্ষৰ জানুৱাৰী মাহত নিম্ন আৰু উচ্চ বুনিয়াদী বিদ্যালয়ত নিযুক্তি লাভ কৰা ১১১৩৫ গৰাকী শিক্ষকে নিয়মীয়াকৈ পাৰিতোষিক লাভ কৰিব বুলি ঘোষণা কৰে ।
সংবাদমেলযোগে কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী-শিক্ষামন্ত্ৰীয়ে ? তদুপৰি নিম্ন, উচ্চ বুনিয়াদী বিদ্যালয়ত টিউটৰৰূপে কৰ্মৰত ১,৯৩৪ গৰাকী শিক্ষকেও নিয়মীয়াকৈ পাৰিতোষিক লাভ কৰিব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ শিক্ষক-টিউটৰৰ পাৰিতোষিকৰ ক্ষেত্ৰত বিত্ত বিভাগে ইতিমধ্যে অনুমোদন জনোৱাৰ কথাও সংবাজমেলযোগে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ তৎসত্তেও শিক্ষা আৰু সমাজকল্যাণ বিভাগক গুৰুত্ব দিয়াৰো পোষকতা কৰে অজন্তা নেওগে ৷
আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱেও কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ঘোষণা কৰে ৷ ভেন্সাৰ স্কুল সমূহৰ পুনৰ নিৰীক্ষণ কৰাৰ লগতে ১ লাখ নিযুক্তিৰ সন্দৰ্ভত সকলো বিভাগৰ সৈতে আলোচনা চলি আছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷
সংবাদমেলযোগে কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী-শিক্ষামন্ত্ৰীয়ে ? একলাখ নিযুক্তিৰ ক্ষেত্ৰত এসপ্তাহৰ ভিতৰত প্ৰতিটো বিভাগৰ পৰা তেওঁলোকৰ খালি থকা পদৰ বিষয়ে তথ্য জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ বিদ্যুৎ নথকা প্ৰাথমিক বিদ্যালয় সমূহৰ বৈদ্যুতিকিকৰণ কৰি থকা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷ লগতে তিনিখন স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰি স্বায়ত্ত্বশাসিত পৰিষদ সমূহৰ উন্নয়নত গুৰুত্ব দিয়াৰ কথাও সংবাদমেলযোগে জানিবলৈ দিয়ে ডাঃ ৰনোজ পেগুৱে ৷
লগতে পঢ়ক: এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবনে মাজুলীয়ে ?