গুৱাহাটী,15 জুন : প্ৰথমবাৰৰ বাবে মহানগৰীৰ হোটেল ৰেডিচন ব্লু'ত ৰাষ্ট্ৰীয় ল'জিষ্টিকছ সন্মিলন ৷ শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই সন্মিলনত অংশগ্ৰহণ কৰে বিভিন্ন দেশ-বিদেশৰ প্ৰতিনিধিয়ে ।
মহানগৰীত ৰাষ্ট্ৰীয় ল'জিষ্টিকছ সন্মিলন
শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই সন্মিলনত অংশগ্ৰহণ কৰে বিভিন্ন দেশ-বিদেশৰ প্ৰতিনিধিয়ে ।
এই সন্মিলনত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ল'জিষ্টিকছ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ উৎপাদন আৰু সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা কৰা হয় । এই সন্মিলনৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগিক ক্ষেত্ৰক বিশেষভাৱে আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰা হৈছে । শেহতীয়াকৈ উদ্যোগিক ক্ষেত্ৰত উত্তৰ-পূৱক বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে । উদ্যোগসমূহৰ সামগ্ৰী অন্য দেশসমূহৰ সৈতে আমদানি-ৰপ্তানিৰ জৰিয়তে গুৱাহাটীক পৰিবহন হাব হিচাপে গঢ়ি তোলাৰো এক পদক্ষেপ হাতত লোৱা হৈছে । এই সন্মিলনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিকভাৱে উন্নয়ন হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷
\