গুৱাহাটী, 14 এপ্ৰিলঃমেঘালয়ত ধৰা পৰিল প্ৰথমজন COVID-19ত আক্ৰান্ত লোক । শেহতীয়াকৈ ৰাজ্যখনৰ এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি । আক্ৰান্ত ব্য়ক্তিগৰাকী শ্বিলঙৰ বেথানী চিকিৎসালয়ৰ চিকিৎসক বুলি জানিব পৰা গৈছে । কৰ'ণা আক্ৰান্ত চিকিৎসকগৰাকীৰ তথ্য পোহৰলৈ অহাৰ পিচতে তাৎক্ষণিকভাৱে বেথানী চিকিৎসালয় ছীল কৰাৰ লগতে, 48 ঘন্টাৰ বাবে মেঘালয়ত সান্ধ্য আইন জাৰি কৰিছে । তদুপৰি 22 মাৰ্চৰ পিচত চিকিৎসালয়খনলৈ যোৱা সকলো লোককে মেঘালয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ।
মেঘালয়ত ধৰা পৰে প্ৰথমগৰাকী COVID-19ত আক্ৰান্ত লোক - সান্ধ্য আইন
শেহতীয়াকৈ মেঘালয়ত ধৰা পৰিল প্ৰথমজন COVID-19ত আক্ৰান্ত লোক । আক্ৰান্ত লোকগৰাকী শ্বিলঙৰ বেথানী চিকিৎসালয়ৰ চিকিৎসক বুলি জানিব পৰা গৈছে ।
first covid-19 effected found in meghelaya