গুৱাহাটী,4 এপ্ৰিলঃবৰ্তমানলৈকে ৰাজ্যত 25 গৰাকীকৈ লোক কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে। আক্রান্ত হোৱা 25 গৰাকী লোকৰ ভিতৰত 24 গৰাকী লোক দিল্লীত নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰিছিল। শুকুৰবাৰে নিশা মহানগৰীৰ আৰ জি বৰুৱা ৰোডস্থিত স্পেনিছ গাৰ্ডেনৰ এজন ব্যৱসায়ী কৰ'ণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আক্রান্ত ব্যক্তিজন নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰা নাছিল যদিও ব্যক্তিজনৰ দিল্লী ভ্ৰমণৰ তথ্য আছে। জানিব পৰা মতে আক্রান্ত ব্যক্তিজন 1 মাৰ্চত দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল। উল্লেখ্য যে, 14 দিন পৰ্যন্ত ব্যক্তিজনৰ শৰীৰত কৰ'ণা ভাইৰাছৰ কোনো ধৰণৰ লক্ষণ দেখা দিয়া নাছিল। 28 দিন পিছতে ব্যক্তিজন জ্বৰ, কাহ, পানীলগাৰ লগতে শ্বাস - প্ৰশ্বাসজনিত ৰোগত আক্রান্ত হৈছিল। শুকুৰবাৰে ব্যক্তিজনৰ তেজৰ নমুনাৰ পৰীক্ষাৰ ফলাফল পোৱাৰ পিছতে ব্যক্তিজন কৰ'ণা ভাইৰাছত আক্রান্ত হোৱা বুলি প্ৰমাণিত হয়।
মহানগৰীতো চিনাক্ত এজন কৰ'ণাত আক্ৰান্ত ব্যক্তি - মহানগৰীৰ প্ৰথমজন কৰ'ণা আক্ৰান্ত
মহানগৰী গুৱাহাটীৰ প্ৰথমজন কৰ'ণা ভাইৰাছত আক্রান্ত লোক স্পেনিছ গাৰ্ডেনৰ। শুকুৰবাৰে নিশা স্পেনিছ গাৰ্ডেনৰ এজন ব্যৱসায়ী কৰ'ণা ভাইৰাছত আক্রান্ত হোৱা বুলি টুইটযোগে নিশ্চিত কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এইপৰ্যন্ত ৰাজ্যৰ 25 গৰাকী ব্যক্তিৰ শৰীৰত নিশ্চিত হৈছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷
![মহানগৰীতো চিনাক্ত এজন কৰ'ণাত আক্ৰান্ত ব্যক্তি first corona positive from guwahati city](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6655064-thumbnail-3x2-a.jpg)
স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ বাসিন্দা মহানগৰীৰ প্ৰথমজন কৰ'ণা আক্ৰান্ত
স্পেনিছ গাৰ্ডেনৰ কৰ'ণা ভাইৰাছত আক্রান্ত ব্যক্তিজনক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মহানগৰী গুৱাহাটীৰ পৰা প্ৰথমটো কৰ'ণা ভাইৰাছত আক্রান্ত ব্যক্তি চিনাক্ত হোৱাৰ পিছতে এতিয়া মহানগৰবাসীৰ মাজত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ।
লগতে পঢ়কঃকৰ‘ণাত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে সশস্ত্ৰ বাহিনীয়ে সাজু কৰিছে 51খন চিকিৎসালয়
Last Updated : Apr 4, 2020, 1:11 PM IST