অসম

assam

ETV Bharat / state

শুকুৰবাৰৰ পৰা পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিবেশন - প্ৰাক্তন মন্ত্ৰী ফণীভুষণ চৌধুৰী

শুকুৰবাৰে অৰ্থাৎ অধিবেশনৰ প্ৰথম দিনটোতে বিধায়ক হিচাপে শপত লব অসমৰ ১২৫ টা বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ অহা বিধায়ক সকলে । ইতিমধ্যে বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে প্ৰ’টেম অধ্যক্ষৰূপে শপত গ্ৰহণ কৰিছে । কাইলৈ প্ৰটেম অধ্যক্ষ গৰাকীয়েই শপতবাক্য পাঠ কৰোৱাব আন ১২৫ গৰাকী জনপ্ৰতিনিধিক ।

শুকুৰবাৰৰ পৰা পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিবেশন
শুকুৰবাৰৰ পৰা পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিবেশন

By

Published : May 20, 2021, 9:39 PM IST

Updated : May 21, 2021, 10:50 AM IST

গুৱাহাটী,২০ মে': শুকুৰবাৰ অৰ্থাৎ কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আৰম্ভ হব নৱনিৰ্বাচিত পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিবেশন । ইতিমধ্যে সকলো ধৰণৰ ক'ভিড প্ৰট'কলৰ মাজেৰে অধিবেশন অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে অসম বিধানসভা সচিবালয় । বৃহস্পতিবাৰে সমগ্ৰ বিধানসভা চৌহদ চেনিটাইজ কৰা হয় ।

শুকুৰবাৰৰ পৰা পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিবেশন

উল্লেখযোগ্য যে, শুকুৰবাৰে অৰ্থাৎ অধিবেশনৰ প্ৰথম দিনটোতে বিধায়ক হিচাপে শপত লব অসমৰ ১২৫ টা বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ অহা বিধায়ক সকলে । ইতিমধ্যে বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে প্ৰ’টেম অধ্যক্ষৰূপে শপত গ্ৰহণ কৰিছে । কাইলৈ প্ৰটেম অধ্যক্ষ গৰাকীয়েই শপতবাক্য পাঠ কৰোৱাব আন ১২৫ গৰাকী জনপ্ৰতিনিধিক ।

মনকৰিবলগীয়া যে, পঞ্চদশ বিধানসভালৈ যি ১২৬ গৰাকী বিধায়ক এইবাৰ জয়ী হৈ আহিছে তেওঁলোকৰ ভিতৰত ৪৬ গৰাকীয়েই হৈছে নতুন মুখৰ । অৰ্থাৎ প্ৰথমবাৰৰ বাবে গৰকিব বিধানসভাৰ মজিয়া । এইসকলৰ ভিতৰত আছে কৃষক নেতা অখিল গগৈও । কাইলৈ বিধানসভাত শপত গ্ৰহণৰ বাবে ইতিমধ্যে অখিল গগৈক অনুমতি দিছে আদালতে ।

শুকুৰবাৰৰ দিনটোতে বিধানসভাত আনুষ্ঠানিকভাৱে নতুন অধ্যক্ষ হিচাপে বিধায়ক বিশ্বজিৎ দৈমাৰীৰ নাম ঘোষণা কৰা হ’ব । অধিবেশনৰ দ্বিতীয় দিনা পঞ্চদশ বিধানসভাত প্ৰথমটো ভাষণ দিব ৰাজ্যপাল জগদীশ মুখীয়ে ।

ইপিনে অধিবেশনৰ দ্বিতীয় আৰু তৃতীয় তথা অন্তিম দিনা ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ’ব । অধিবেশনৰ শেষৰ দিনটোতে নৱনিযুক্ত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে ডাঃ নোমল মমিনৰ নাম ঘোষণা কৰিব ।

লগতে পঢ়কঃ দেৱব্ৰত শইকীয়াই হ’ব অসম বিধানসভাৰ বিৰোধী দলপতি

Last Updated : May 21, 2021, 10:50 AM IST

ABOUT THE AUTHOR

...view details