গুৱাহাটী,২০ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত দেওবাৰে পুৱাই সংঘটিত হয় গুলীচালনাৰ এক ঘটনা (Firing incident in Guwahati )। প্ৰেমজনিত কাৰণত সংঘটিত হয় এই ঘটনা । মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এই ঘটনা । জানিব পৰা মতে প্ৰেমিকাৰ সম্পৰ্কীয় ককায়েকে মানি লোৱা নাছিল এই সম্পৰ্ক ।
সেইসূত্ৰে পশ্চিমবংগৰ পৰা আহি প্ৰেমিকে গুৱাহাটীৰ প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ গুলী চলাই ককায়েকক (Attempt to murder case in Basistha)। গুলীবিদ্ধ যুৱকজনৰ নাম প্ৰেম কুমাৰ দেৱ বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত কৰি কোঠালিৰ ভিতৰত আত্মগোপন কৰিছিল অভিযুক্ত প্ৰেমিকে । ঘটনাটো সংঘটিত হয় বশিষ্ঠ অঞ্চলৰ বঙালীপাৰাত ।
জানিব পৰা মতে বঙালীপাৰাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল পশ্চিমবংগৰ যুৱক সমৰ ৰয়ৰ । কিন্তু তেওঁৰ প্ৰেমৰ এই সম্পৰ্কৰ মাজত বাধা আছিল প্ৰেমিকাৰ সম্পৰ্কীয় ককায়েক । যাৰ বাবে পশ্চিমবংগৰ পৰা আহি প্ৰেমিক সমৰ ৰয় পুৱাই উপস্থিত হয় প্ৰেমিকাৰ ঘৰত ।