আজাৰা,18 এপ্ৰিলঃ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কল্লাপাৰাত অঘটন ৷ বুধবাৰে নিশা বাতিৰাম দাস নামৰ লোক এজনক মুৰুলি চৌধুৰী নামৰ লোক জনে গুলীচালনা কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । আহত বাতিৰাম দাস কল্লাপাৰা গাঁৱৰ ৰাইজৰ সভাপতি আৰু অসম আৰক্ষীত কৰ্মৰত ৷ আনহাতে, অভিযুক্ত মুৰুলি চৌধুৰী মেঘালয়ৰ আৰক্ষীত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷
কল্লাপাৰাত গুলীচালনাৰ ঘটনা
গাঁও খনত অনুষ্ঠিত এখন ৰাজহুৱা সভাস্থলীত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত মুৰুলি চৌধুৰী ৷ ইতিমধ্য়ে, ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷