অসম

assam

House engulfed in fire at Noonmati: নুনমাটি ৰামছিং চাপৰিত নিশা চাঞ্চল্যকৰ ঘটনা

By

Published : Jul 18, 2023, 10:35 PM IST

নুনমাটি ৰামছিং চাপৰিত সোমবাৰে নিশা চাঞ্চল্যকৰ ঘটনা ৷ নিশা ৰিংকু দেৱী নামৰ এগৰাকী মহিলাৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগৰ অভিযোগ ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাধে মাহতো নামৰ লোকজনক আটক কৰিছে আৰক্ষীয়ে ৷

Fire Break Out at Noonmati
নুনমাটি ৰামছিং চাপৰিত নিশা চাঞ্চল্যকৰ ঘটনা

নুনমাটি ৰামছিং চাপৰিত নিশা চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী, ১৮ জুলাই:মহানগৰীৰ পাৰ্শ্বৱৰ্তী নুনমাটি ৰামছিং চাপৰিত সোমবাৰে নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ নিশা ৰিংকু দেৱী নামৰ এগৰাকী মহিলাৰ বাসগৃহত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে বাসগৃহটো জাহ যোৱাৰ লগতে লক্ষাধিক টকাৰ বিভিন্ন সা-সম্পত্তি জুইত ভস্মীভূত হৈছে ৷ আনহাতে দুৰ্বৃত্তই ৰিংকু দেৱীৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ অভিযোগ উঠিছে ৷

ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি, ৰাধে মাহতো নামৰ লোকজনে ব্যক্তিগত স্বাৰ্থ পুৰণৰ বাবে পে’ট্ৰল ঢালি বাসগৃহটো জ্বলাই দিয়ে ৷ কাৰন ৰাধে নামৰ লোকজনে অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই চলাই আহিছিল মদৰ অবৈধ বেহা । ইয়াৰ বাবে বিনষ্ট হৈছিল অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ । একে চুবুৰীৰ ৰিংকু দেৱীয়ে মদৰ বেহা বন্ধ কৰাৰ বাবে বাৰম্বাৰ ৰাধে মাহতোক অনুৰোধ কৰিছিল ৷ কিন্তু ৰিংকু দেৱীৰ অনুৰোধ ৰক্ষা কৰা নিছিল ৰাধেই ৷ ফলত ৰিংকু দেৱীয়ে নুনমাটি থানাক অৱগত কৰিছিল ৰাধে মাহতোৰ অবৈধ কাৰ্য-কলাপৰ কথা ৷

ইফালে দুদিনৰ পূৰ্বেও মহিলাগৰাকীয়ে মদৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ বাবে অনুৰোধ কৰিছিল, অন্যথা পুনৰ আৰক্ষীক জনাবলৈ বাধ্য হ’ব বুলি কঠোৰ সকীয়নি দিছিল ৰাধে মাহতোক । এনেবোৰ কাৰণতে খৰ্গহস্ত হৈ পৰা ৰাধে নামৰ লোকজনে মহিলাগৰাকীৰ ঘৰত অগ্নিসংযোগ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰিংকু দেৱীয়ে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে নুনমাটি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰে ৷ সেই গোচৰৰ ভিত্তিত ৰাধে মাহতো নামৰ লোকজনক আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:Assam Govt. Job Recruitment: ১০ ছেপ্টেম্বৰত ৩২ হাজাৰ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন: মুখ্যমন্ত্ৰীৰ ঘোষণা

ABOUT THE AUTHOR

...view details